যোৰহাট, 5 এপ্ৰিল :মঙলবাৰে ‘Special Olympic Bharat Assam’ ৰ সহযোগত ৰাজ্যৰ সমাজ কল্যাণ আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত যোৰহাটত দিব্যাংগসকলৰ বাবে অনুষ্ঠিত হৈ যায় ৰাষ্ট্ৰীয় স্বাস্থ্য মেলা (National Health Fest for Divyangjan held in Jorhat ) ৷ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই মেলাত যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলাৰ তিনি শতাধিক বিশেষভাৱে সক্ষম ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
এই মেলাত উপস্থিত থকা বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ স্বাস্থ্যৰ পৰীক্ষাৰ লগতে পঞ্জীয়নৰ ব্যৱস্থা কৰা হয় । লগতে এই মেলাৰ জৰিয়তে এইসকল লোকক বিশেষ ডিজিটেল কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হয় । মেলাত উপস্থিত থাকি বিভাগীয় মন্ত্ৰী অজন্তা নেওগে বিশেষভাৱে সক্ষম সকলো লোককে বিশেষ ডিজিটেল কাৰ্ড ল’বলৈ আহ্বান জনায় । মেলাৰ লগত সংগতি ৰাখি এটি সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয় মেলাথলীত ৷