অসম

assam

By

Published : Sep 3, 2020, 7:05 PM IST

ETV Bharat / city

ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা

ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা । এইবাৰ ঘটনাৰ স্থান যোৰহাট ।

ৰাজ্যত পুনৰ মৰেল পুলিচিং ঘটনা
moral policing at Jorhat

যোৰহাট, 3 ছেপ্তেম্বৰ: অভি-নীল, ঝংকাৰ, দেৱাশীষৰ পাচত ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা । সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে যোৰহাটত । কিন্তু এই সন্দৰ্ভত এতিয়াও মুখ খোলা নাই একাংশই ।

উল্লেখ্য যে, ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে মৰেল পুলিচগিৰিৰ ঘটনা । ৰাইজে স্বয়ং বিচৰা-বিবেচনা কৰাৰ নামত ৰাজহুৱা কৈ মাৰপিট কৰি আইন-শৃংখলা হাতত তুলি লোৱা ঘটনা সঘনাই দেখিবলৈ পোৱা গৈছে বিগত দিনত সমূহত । সম্প্ৰতি মৰেল পুলিচিঙৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনে বহু সময়ত বহু সজাগতা সভা অনুষ্ঠিত কৰি আহিছে যদিও এতিয়াও সম্পূৰ্ণ ৰূপত বন্ধ হোৱা নাই মৰেল পুলিচিঙৰ মানসিকতা ।

যোৰহাট মৰেল পুলিচিঙৰ ঘটনা

বুধবাৰে নিশা যোৰহাটত একাংশ ৰাইজৈ এগৰাকী মহিলা আৰু পুৰুষৰ মাজত অবৈধ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি মাৰপিট কৰে এজন যুৱকক । যোৰহাটৰ ৰজাখাতত সংঘটিত হয় এই ভয়ংকৰ ঘটনা । গাঁৱৰ একাংশ ৰাইজে এনেদৰে মাৰপিট কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ।

লগতে চাওক-প্ৰমোদ বড়ো এজন পাগলঃ জগদীশ সৰকাৰ

ABOUT THE AUTHOR

...view details