যোৰহাট, 30 নৱেম্বৰ :সোমবাৰে এক জঘন্য ঘটনাৰ সাক্ষী হৈ ৰ’ল যোৰহাট চহৰ ৷ দিন দুপৰতে চহৰখনত মৰিয়াই মৰিয়াই হত্যা কৰা হ’ল এজন যুৱকক (Mob lynching in Jorhat) । যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত সংঘটিত হৈছিল এই মাৰপিটৰ ঘটনা । উল্লেখযোগ্য যে, এই আক্ৰমণত নিহত অনিমেশ ভূঞা আছিল সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী নিষ্ঠাৱান কৰ্মী ৷
গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেশৰ মৃত্যুৰ পিছত স্বাভাৱিকতেই জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা(AASU reacting on mob lynching in Jorhat) ৷ জানিব পৰা মতে, দেৰগাঁৱৰ পৰা যোৰহাট চহৰলৈ নিজৰ ব্যৱসায়িক কামৰ বাবে বন্ধুৰ সৈতে গৈছিল অবিনাশ ভুঞা । যোৰহাট চহৰৰ মাৰোৱাৰী ট্ৰাক ষ্টেন্ডৰ সন্মুখত মোহন দাস নামৰ লোকজন পৰি যোৱাত মানৱতাৰ খাতিৰত তুলি দিছিল অনিমেশ তথা তেওঁৰ দুই বন্ধুৱে ।
Mob lynching in Jorhat: অনিমেশ হত্যাৰ এটা দিন সম্পূৰ্ণ কিন্তু মানৱতাৰ চুড়ান্ত সমাধি দি মোহন দাসে নিজৰ পুত্ৰ সকলৰ আগত দূৰ্ঘটনা সংঘটিত কৰি যুৱক তিনিজনে মাৰপিট কৰিছিল বুলি মিছাকৈ ব্যক্ত কৰে । ইয়াৰ পিছতে মোহন দাসৰ পুত্ৰ আৰু আত্মীয়ৰ লোক আহি ঘটনা সন্দৰ্ভত কোনো বিচাৰ নকৰাকৈ ৰাজপথতে দিন-দুপৰতে মাৰপিট কৰে তিনিও গৰাকী যুৱকক(Mob attack on AASU leader) ৷ এইদৰেই আক্ৰমণকাৰী সকলে মৃত্যু মুখলৈ ঠেলি দিয়ে অনিমেশক ।
ইয়াৰ পিছতে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক আছুৱে বান্ধি দিলে 24 ঘন্টা সময় ৷ একে সময়তে আৰক্ষীয়েও এই সম্পৰ্কত প্ৰদৰ্শন কৰিছে ব্যাপক তৎপৰতা ৷ হত্যাকাণ্ডৰ লগত জড়িত 13 জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত ইয়াৰে ৭ জনক ৫ দিনৰ আৰক্ষী জিন্মালৈ আৰু ৫ জনক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হৈছে । এইসকলৰ বিৰুদ্ধে 2620/2021 নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধিৰ 147/148/149/326/302 ধাৰাত গোচৰ পঞ্জীয়ন হৈছে ।
লগতে পঢ়ক :Mob lynching in Jorhat : দিন দুপৰতে হত্যা কৰা হ’ল আছু নেতাক