যোৰহাট, 20 জুলাই: ‘কা’ বিৰোধী আন্দোলন কৰি ৰজাঘৰৰ শক্ৰ হৈ পৰা অখিল গগৈ এতিয়াও ৰঙাঘৰৰ আলহী । ইতিমধ্যে ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে,যোৱা 7 মাহে ৰঙাঘৰৰ আলহী হৈ আছে সংগ্ৰামী নেতাগৰাকী । সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীৰ মুক্তিৰ দাবীত ঘৰতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।
অখিলৰ মুক্তিৰ দাবীত বিধায়কৰ প্ৰতিবাদ - অখিলৰ মুক্তিৰ দাবীত বিধায়কৰ প্ৰতিবাদ
অখিলৰ মুক্তিৰ দাবীত এইবাৰ সৰ্বসাধাৰণ বা সংগঠন নহয় স্বয়ং বিধায়কৰ প্ৰতিবাদ। ঘৰতে প্ৰতিবাদতে বহিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

MLA's protest against Akhil's release
অখিলৰ মুক্তিৰ দাবীত বিধায়কৰ প্ৰতিবাদ
আনহাতে ৰাজ্যৰ বান সমস্যা সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনোৱা লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ আহি বানৰ পৰিস্থিতি চাবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ।