অসম

assam

ETV Bharat / city

যোৰহাটত পুনৰ উদ্ধাৰ লালীগুড়

আৰক্ষীৰ ভয়ত নিশা দুষ্টচক্ৰই পেলাই থৈ যোৱাৰ সন্দেহ উদ্ধাৰ হোৱা গুড়খিনি

উদ্ধাৰ হোৱা লালীগুৰ

By

Published : Mar 14, 2019, 9:15 PM IST

যোৰহাট,14মাৰ্চ: যোৰহাটৰ অসম-নাগালেণ্ড সীমান্তত উদ্ধাৰ কৰা হৈছে নিষিদ্ধ লালীগুড় । বৃহস্পতিবাৰে বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে লালীগুড়খিনি উদ্ধাৰ কৰি বৰহোলা আৰক্ষীক চমজাই দিয়ে ৷ নিশা কোনো দুষ্টচক্ৰই পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৱে । উল্লেখ্য যে, বিষাক্ত চুলাই সেৱন কৰি বৰহোলা অঞ্চলৰ ষাঠিৰ অধিক লোকৰ মৃত্যু হৈছিল । আনহাতে কেইবাজনো অবৈধ চুলাই ব্যৱসায়িক বৰহোলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । ইপিনে এতিয়াও তিতাবৰ আৰু বৰহোলা অঞ্চলৰ কেইবাজনো লালীগুড় ব্যৱসায়িক গ্ৰেপ্তাৰ কৰাৰ দাবীত অঞ্চলটোৰ স্থানীয় ৰাইজৰ লগতে যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰি আহিছে যদিও আৰক্ষী আৰু আৱকাৰী বিভাগে কোনো ব্যৱস্থা নকৰাৰ ফলত এনেদৰে বহু লালীগুৰ উদ্ধাৰ হৈ আছে যোৰহাটৰ বিভিন্ন অঞ্চলত ৷

যোৰহাটত পুনৰ উদ্ধাৰ লালীগুৰ

ABOUT THE AUTHOR

...view details