অসম

assam

ETV Bharat / city

শিৱসাগৰ আৰু যোৰহাটত পৰম্পৰাগত ভাৱে উদযাপন মে-ডাম-মে-ফি - যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত জয়া ভৱনত টাইচাবৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে মে ডাম মেফি

শিৱসাগৰ জিলাৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি ৷ আনহাতে পৰম্পৰা ৰক্ষা কৰি 600 বছৰীয়া আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাটতো পালন কৰা হৈছে 37 সংখ্যক মে দাম মে ফি ৷

Me-dam-mee-fi celebated at Sivsagar and Jorhat
শিৱসাগৰ আৰু যোৰহাটত পৰম্পৰাগত ভাৱে উদযাপন মে-ডাম-মে-ফি

By

Published : Jan 31, 2020, 3:15 PM IST

শিৱসাগৰ,31 জানুৱাৰী : আজি মে-ডাম-মে-ফি ৷ আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰি আৰু বিশ্ব শান্তিৰ কামনা কৰি অসমৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ভাৱে উদযাপন কৰিছে এই উৎসৱৰ ৷ এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচাৰে আহোম সকলে ৷

শিৱসাগৰ: ৰাজ্যৰ আন আন জিলাসমুহৰ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি ৷ অনুষ্ঠাৰ প্ৰথমটো দিনত অৰ্থাৎ শুকুৰবাৰে ৰংপুৰ মে-ডাম-মে-ফিত উপস্থিত থাকিব উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ প্ৰদ্যুৎ কিশোৰ মানিক্য দেৱবাৰ্মা, নাগালেণ্ডৰ প্ৰাক্তন মূখ্যমন্ত্ৰী এছ চি জমিৰ, সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীকে ধৰি বহু কেইগৰাকী বিশিষ্ট অতিথি ৷

শিৱসাগৰত পৰম্পৰাগত ভাৱে উদযাপন মে-ডাম-মে-ফি

যোৰহাট: আনহাতে পৰম্পৰা ৰক্ষা কৰি 600 বছৰীয়া আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাটতো পালন কৰা হৈছে 37 সংখ্যক মে দাম মে ফি ৷ চহৰখনৰ মাজ মজিয়াত অৱস্থিত ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত জয়া ভৱনত টাইচাবৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে মে ডাম মেফি ৷

যোৰহাটত পৰম্পৰাগত ভাৱে উদযাপন মে-ডাম-মে-ফি

আনহাতে যোৰহাটৰ ৰজা মৈদামত স্বৰ্গদেউ কমলেস্বৰ সিংহ আৰু স্বৰ্গদেউ পুৰন্দৰ সিংহৰ মৈদামত বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা কৰে শতাধিক লোকে ৷

যোৰহাটত পৰম্পৰাগত ভাৱে উদযাপন মে-ডাম-মে-ফি
যোৰহাটত পৰম্পৰাগত ভাৱে উদযাপন মে-ডাম-মে-ফি

লগতে পঢ়ক: সহস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি শান্তি আলোচনালৈ আহক আলফাঃ সৰ্বানন্দ সোণোৱাল

For All Latest Updates

ABOUT THE AUTHOR

...view details