অসম

assam

ETV Bharat / city

দায়বদ্ধতাৰ পৰিচয় দি কোভিড পৰীক্ষাৰ বাবে দীঘলীয়া শাৰী শিক্ষকৰ - শিক্ষকৰ কোভিড পৰীক্ষা

মৰিয়নীত আৰম্ভ হৈছে কোভিড-আৰটি-পিচিআৰ টেষ্ট । শেহতীয়াকৈ শিক্ষাবিভাগৰ পৰা দিয়া নিৰ্দেশনা অনুসৰি সকলো শিক্ষকেই কোভিড-আৰটি-পিচিআৰ টেষ্ট বাধ্যতামূলক হিচাপে ঘোষণা কৰিছিল ।

দায়বদ্ধতাৰ পৰিচয় দি কোভিড পৰীক্ষাৰ বাবে দীঘলীয়া শাৰী শিক্ষকৰ
দায়বদ্ধতাৰ পৰিচয় দি কোভিড পৰীক্ষাৰ বাবে দীঘলীয়া শাৰী শিক্ষকৰ

By

Published : Aug 26, 2020, 3:33 AM IST

মৰিয়নী, 25 আগষ্ট :আজিৰে পৰা শিক্ষকসকলৰ বাবে মৰিয়নীত আৰম্ভ হৈছে কোভিড-আৰটি-পিচিআৰ টেষ্ট । শেহতীয়াকৈ শিক্ষা বিভাগৰ পৰা দিয়া নিৰ্দেশনা অনুসৰি সকলো শিক্ষকেই কোভিড-আৰটি-পিচিআৰ টেষ্ট বাধ্যতামূলক হিচাপে ঘোষণা কৰিছিল ।

শিক্ষকৰ কোভিড পৰীক্ষা

তাৰ পৰিপ্ৰেক্ষিতত আজি মৰিয়নীৰ বাহনি বিদ্যালয়ত মৰিয়নীৰ বিভিন্ন অঞ্চলৰ শিক্ষকে কোভিড পৰীক্ষাৰ বাবে উপস্থিত হয় । পুৱাৰে পৰা শিক্ষকসকলে নিজৰ দায়বদ্ধতাৰ পৰিচয় দি এই কোভিড টেষ্টিং চেণ্টাৰত উপস্থিত থাকে ।

কোভিড পৰীক্ষাৰ বাবে দীঘলীয়া শাৰী শিক্ষকৰ

স্বাস্থ্য বিভাগৰ লোকসকল দুপৰীয়া বিদ্যালয়খনত উপস্থিত হৈ সন্ধ্যালৈকে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা নমুনা সংগ্ৰহ কৰি কোভিড পৰীক্ষণৰ বাবে প্ৰেৰণ কৰে । এই অস্থায়ী কোভিড টেষ্টিং কেন্দ্ৰত 85 জন শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ কোভিড টেষ্ট কৰে ।

মৰিয়নীত আৰম্ভ শিক্ষকৰ কোভিড-আৰটি-পিচিআৰ টেষ্ট

অন্যহাতে শিক্ষকসকলে স্বতঃস্ফূৰ্তভাবে ওলাই আহি কোভিড টেষ্ট কৰোৱাই সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ পৰিচয় দিছে যদিও কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ ৰোধ নোহোৱা পৰ্যন্ত বিদ্যালয়সমূহ বন্ধ ৰাখিবৰ বাবে অনুৰোধ জনাইছে জিলা কৃতী শিক্ষক নগেন গগৈয়ে ।

লগতে পঢ়ক :বৰপেটা জিলাৰ ১৬শ পৰিয়াললৈ বান সাহাৰ্য্য বিতৰণ

ABOUT THE AUTHOR

...view details