অসম

assam

By

Published : Jun 6, 2020, 6:27 PM IST

ETV Bharat / city

দেৱাশীষ হত্যাকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান বিধায়ক কুৰ্মীৰ

শনিবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে । বিধায়ক কুৰ্মীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি ছটা দাবী সন্মিলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে । স্মাৰকপত্ৰ খনত দেৱাশীষ গগৈৰ মৃত্যুৰ তদন্ত এজন 'sitting judge' ৰ দ্বাৰা কৰোৱাৰ লগতে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনায় বিধায়ক কুৰ্মীয়ে ৷

দেৱাশীষ হত্যাকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান বিধায়ক কুৰ্মীৰ
দেৱাশীষ হত্যাকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান বিধায়ক কুৰ্মীৰ

মৰিয়নী, 6 জুন :দেৱাশীষ গগৈৰ হত্যাকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ একাংশ উদণ্ড জনতাৰ প্ৰহাৰত মৃত্যুমুখত পৰা দেৱাশীষ গগৈৰ ন্যায়ৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ প্ৰদান কৰে মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

কুৰ্মীয়ে মুখ্যমন্ত্ৰীক দিয়া স্মাৰকপত্ৰখন

শনিবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে । বিধায়ক কুৰ্মীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয় উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি ছটা দাবী সন্মিলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে । স্মাৰকপত্ৰ খনত দেৱাশীষ গগৈৰ মৃত্যুৰ তদন্ত এজন 'Sitting Judge' ৰ দ্বাৰা কৰোৱাৰ লগতে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনায় বিধায়ক কুৰ্মীয়ে ৷ দেৱাশীষ হত্যাকাণ্ডৰ এসপ্তাহৰো অধিক সময় পাৰ হৈ যোৱাৰ পাছতো যোৰহাটৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰাকে আদি কৰি কোনো এজন মন্ত্ৰী দেৱাশীষৰ ঘৰত উপস্থিত নোহোৱাৰ বিষয়ে খেদ প্ৰকাশ কৰি শীঘ্ৰেই কোনো এজন মন্ত্ৰী নাইবা ৰাজ্য-চৰকাৰৰ প্ৰতিনিধিক পৰিস্থিতিৰ বুজ ল'বলৈ আহ্বান জনায় ৰূপজ্যোতি কুৰ্মীয়ে ৷

মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান বিধায়ক কুৰ্মীৰ

একাংশ দুষ্ট প্ৰকৃতিৰ লোকে সমগ্ৰ ঘটনাটো সাম্প্ৰদায়িক ৰহণ হানি শান্তি সম্প্ৰীতিৰ এনাজৰী ডাল ছিঙিব লৈছে । সেইসকল দুষ্ট প্ৰকৃতিৰ লোকক চিনাক্ত কৰি কঠোৰ হাতেৰে দমন কৰিবৰ বাবে স্মাৰকপত্ৰৰ যোগেৰে দাবী জনায় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ ইয়াৰ উপৰিও দিহিং-পাটকাইৰ কয়লাখনন বন্ধ কৰা আৰু বাঘজান তেল খাদৰ পৰা ক্ষতিগ্ৰস্ত হোৱা লোকক ক্ষতিপূৰণ দিবলৈ স্মাৰক পত্ৰ জৰিয়তে দাবী জনায় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়কঃদেৱাশীষৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা ২ লাখ টকাৰ সাহাৰ্য

ABOUT THE AUTHOR

...view details