টীয়ক, 14 জুলাই :বিগত দুদিন ধৰি অসমত সৰ্বাধিক চৰ্চা হৈ আছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই কাৰাবন্দী হৈ থকাৰ প্ৰসংগ (Barshashree Burhagohain controversy) ৷ যোৰহাট জিলাৰ টীয়কৰ এজাৰগুৰিৰ নিবাসী অজিত বুঢ়াগোহাঁই আৰু উষা বুঢ়াগোহাঁইৰ কন্যা বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে ফেচবুকত আপলোড দিয়া এটা পোষ্টৰ বাবে আজি ৫৭ টাকৈ দিন কাৰাগাৰত বন্দী হৈ আছে (Barshashree Burhagohain facebook post)। অহা 16 তাৰিখৰ পৰা তেওঁ দ্বিতীয় ষান্মাষিকৰ পৰীক্ষা । সেয়ে বৰ্ষাশ্ৰীক মুকলি কৰি দিয়াৰ দাবীত এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ বিভিন্ন মহলে ৷
কোনো ধৰণৰ আপত্তিজনক নথি-পত্ৰ বিহীনভাৱে প্ৰায় দুমাহ দিন বন্দিত্বৰ জীৱন কটোৱা বৰ্ষাশ্ৰীৰ শৈক্ষিক ভৱিষ্যত নষ্ট নকৰিবলৈ ৰাজ্যৰ অধিকাংশ দল-সংগঠন তথা সচেতন সমাজে দাবী উত্থাপন কৰিছে (Demand for Barshashree Burhagohain bail) । তেনে সময়তে বৰ্ষাশ্ৰীৰ টীয়কৰ এজাৰগুৰিৰ গৃহত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় তথা জিলা শাখাৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় নেতা উপস্থিত হৈ বৰ্ষাশ্ৰীৰ পৰিয়ালবৰ্গৰ সৈতে বাৰ্তালাপ কৰে ।
লগতে, দুয়োটা সংগঠনে বৰ্ষাশ্ৰীৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে লোৱা পদক্ষেপক ক্ষূৰধাৰ সমালোচনা কৰি অনতি পলমে ছাত্ৰগৰাকীক মুকলি কৰি দিবলৈ আহ্বান জনায় । বৰ্ষাশ্ৰীক ভবিষ্যতে শৈক্ষিক তথা প্ৰতিটো দিশতে দুয়োটা সংগঠনে সহায়ৰ হাত আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।