অসম

assam

By

Published : Jun 22, 2020, 11:01 PM IST

ETV Bharat / city

টীয়কত দাহ কৰা হ'ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক

চাওলুং চ্যুকাফা ওপৰত বিকৃত মন্তব্য দাঙি ধৰা স্বয়ম্ভু বুদ্ধিজীৱী গৰ্গ চেতাৰ্জীক অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ পাছত কলকতা অভিমুখে ৰাওনা হোৱা অসম আৰক্ষী দলক ঘেৰাও কৰি ৰাখিছে পশ্চিমবঙ্গৰ একাংশ ব্যক্তিয়ে আৰু পশ্চিমবঙ্গস্থিত অসম ভৱনৰ সন্মুখতো তীব্ৰ প্ৰতিবাদ হোৱাৰ লগতে পশ্চিমবঙ্গৰ বহু কেইখন জিলাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰিছে ।

টীয়কত দাহ কৰা হ'ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক
টীয়কত দাহ কৰা হ'ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক

টীয়ক, 22 জুন : বৰ অসমৰ স্বপ্নদ্ৰষ্টা চাওলুং চ্যুকাফা আৰু অসমৰ মুখ্যমন্ত্ৰীক অপমান কৰাৰ প্ৰতিবাদত সোমবাৰে টীয়কৰ এবিআই তিনিআলিত অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ কৰি ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখযোগ্য যে, চাওলুং চ্যুকাফা ওপৰত বিকৃত মন্তব্য দাঙি ধৰা স্বয়ম্ভু বুদ্ধিজীৱী গৰ্গ চেতাৰ্জীক অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ পাছত কলকতা অভিমুখে ৰাওনা হোৱা অসম আৰক্ষী দলক ঘেৰাও কৰি ৰাখিছে পশ্চিমবঙ্গৰ একাংশ ব্যক্তিয়ে আৰু পশ্চিমবঙ্গস্থিত অসম ভৱনৰ সন্মুখতো তীব্ৰ প্ৰতিবাদ হোৱাৰ লগতে পশ্চিমবঙ্গৰ বহু কেইখন জিলাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰিছে ।

মমতা বেনাৰ্জী হুচিয়াৰ !

অসমীয়াৰ আৱেগ আৰু স্বাভিমান চ্যুকাফাক চূড়ান্তভাৱে অপমান কৰা পাছতো মমতা বেনাৰ্জীৰ গৃহ বিভাগে নীৰৱ ভূমিকা পালন কৰিছে । লগতে চ্যুকাফাৰ মৈদামক চাইনিজ মৈদাম হিচাপে আখ্যা দি অসমীয়াৰ স্বাভিমানক ধূলিসাৎ কৰি অসমীয়াৰ আৱেগক ভৰিৰে মোহৰা আৰু অসমৰ মুখ্যমন্ত্ৰীক অপমান কৰা কোনো কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰি অসমীয়া আৰু অসমৰ ইতিহাসক বিকৃত কৰিলে অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজে তাৰ প্ৰতিক্ৰিয়া দিবই বুলি হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়কঃমৰাণত গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে বংগভাষী অসমীয়া সমাজৰ এজাহাৰ দাখিল

ABOUT THE AUTHOR

...view details