যোৰহাট, 1 ডিচেম্বৰ :যোৱা দুদিন ধৰি সমগ্ৰ ৰাজ্য জুৰি চৰ্চাত থকা ক’লা ল’ৰাৰ অৱশেষত মৃত্যু হ’ল (Kola lora died in Jorhat) ৷ পৰিয়ালৰ লোকৰ হাতত গটাই দিয়া হ’ল ক’লা ল’ৰাৰ মৃতদেহ ৷ ক’লা ল’ৰাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যৰে প্ৰায় সংখ্যক লোকেই সন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে ৷ অধিক সংখ্যক লোকেই যেন মৃত্যু কামনা কৰিছিল এই ক’লা ল’ৰাৰ ৷ কাৰণ ক’লা ল’ৰা আছিল অনিমেষ হত্যাৰ মূল নায়ক(Main accused of Animesh Bhuyan murder case) ৷ সেই অনিমেষ যাক যোৱা সোমবাৰে দিন দুপৰতে যোৰহাট নগৰৰ মাজ মজিয়াত নৃশংসভাৱে হত্যা কৰিছিল এদল উন্মাদ প্ৰকৃতিৰ লোকে ৷ সমগ্ৰ ঘটনাক নেতৃত্ব দিছিল ক’লা ল’ৰাই ৷
লগতে পঢ়ক :Mob lynching in Jorhat : দিন দুপৰতে হত্যা কৰা হ’ল আছু নেতাক
24 ঘন্টা নৌহওঁতেই আৰক্ষীয়ে আটক কৰিলে এই ঘটনাত জড়িত 13 জনকৈ অভিযুক্তক ৷ ইয়াৰ মাজত আছিল ক’লা ল’ৰাও ৷ মঙলবাৰে ক’লা ল’ৰাক বাদ দি বাকী 12 জনক আদালতত হাজিৰ কৰে আৰক্ষীয়ে ৷ তাৰে 7 জনক আৰক্ষীৰ জিম্মাত দিয়াৰ বিপৰীতে 5 জনক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে আদালতে ৷ ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক (GP Singh investigates Jorhat mob lynching case) ৷
মঙলবাৰে নিশা আৰক্ষীয়ে জেৰা আৰম্ভ কৰিলে ক’লা ল’ৰাক ৷ ক’লা ল’ৰাৰ প্ৰকৃত নাম নীৰজ দাস (good name of Kola lora)৷ যোৰহাটত ক’লা ল’ৰা নামেৰে কুখ্যাৎ নীৰজৰ আছে এক ক’লা অধ্যায় (Police record of Kola Lora) ৷ ড্ৰাগছ সৰবৰাহ, অসামাজিক কাৰ্যকলাপ আদিকে ধৰি ক’লা ল’ৰাৰ বিৰুদ্ধে বিভিন্ন থানাত ৰুজু হৈ আছিল 90 টা গোচৰ ৷ বিভিন্ন গোচৰত জেললৈ গ’লেও জামিনত মুকলি হৈ আহিছিল ক’লা ল’ৰা ৷ অবাধে সংঘটিত কৰি গৈছিল ইটোৰ পিচত সিটো অপৰাধ ৷
লগতে পঢ়ক :Main Culprit of Mob lynching dead : অনিমেষ ভূঞা হত্যাৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ মৃত্যু
পুৱতি নিশা মাৰাথন জেৰাৰ অন্তত আৰক্ষীয়ে ক’লা ল’ৰাক লৈ গৈছিল চহৰখনত থকা ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ ৷ কিন্তু আদবাটতে সংঘটিত হৈছিল এক দুৰ্ঘটনা ৷ আৰক্ষীৰ বাহনৰ পৰা জপিয়াই পলায়নৰ চেষ্টা চলাওতেই পিছে পিছে আহি থকা আৰক্ষীৰ অইন এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ক’লা ল’ৰাক ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ক’লা ল’ৰা ৷ আহত হয় আন তিনিজন আৰক্ষীৰ লোকো ৷
আৰক্ষীয়ে ততালিকে ক’লা ল’ৰাক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে (Kola lora died in car accident) ৷ চিনামৰাৰ গাট্টানী ফেক্টৰীৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো ৷ কিন্তু আশ্চৰ্যকৰ কথা যে, চিকিৎসালয়ৰ পৰা ক’লা ল’ৰাৰ মৃতদেহটো ঘৰলৈ নিবলৈ অমান্তি হয় এম্বুলেঞ্চ সমূহ ৷ ফলত এখন সামগ্ৰী কঢ়িওৱা বাহনতে লৈ যোৱা হয় ক’লা ল’ৰাৰ মৃতদেহ ৷ মণোত্তৰ পৰীক্ষাৰ তথ্য মতে বাহ্যিক আঘাতৰ বাবেই মৃত্যু হ’ল ক’লা ল’ৰাৰ ৷