অসম

assam

By

Published : May 17, 2019, 2:40 PM IST

ETV Bharat / city

উৰুখা পঁজাতে চিকিৎসক হোৱাৰ সপোন ৰচিলে মধুস্মিতাই

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০% নম্বৰ লাভ কৰিছে টীয়ক জাতীয় বিদ্যালয়ৰ ছাত্ৰী মধুস্মিতা বৰাই । আনন্দত চকুলো নিগৰি অহা ছাত্ৰীগৰাকীয়ে ভৱিষ্যতে সফল চিকিৎসক হোৱাৰ সপোন ব্যক্ত কৰিলে সাংবাদিকৰ আগত ।

মধুস্মিতা বৰা আৰু তেওঁৰ পিতৃ - মাতৃ

টীয়ক, ১৭ মে': বুধবাৰে ঘোষিত অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০% নম্বৰ লাভেৰে টীয়ক অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে টীয়ক জাতীয় বিদ্যালয়ৰ ছাত্ৰী মধুস্মিতা বৰাই । পেছাত শাক - পাছলি বেপাৰী পিতৃ মনোজ বৰা আৰু মাতৃ বন্তি বৰাই কন্যাৰ সাফল্যত আনন্দত আত্মহাৰা হৈ পৰিছে । মধুস্মিতাৰ এই সফলতাত উৎফুল্লিত সমগ্ৰ অঞ্চল তথা বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী । ছাত্ৰী গৰাকীৰ সফলতাৰ পাছতে গাঁওবাসীয়ে ভিৰ কৰিছেহি তেওঁৰ চোতাল ।

উৰুখা পঁজাতে চিকিৎসক হোৱাৰ সপোন ৰচিলে মধুস্মিতাই

কেমেৰাৰ সন্মুখত আনন্দত চকুলো টোকা মধুস্মিতাই ভৱিষ্যতে এই উৰুখা পঁজাৰ পৰাই এগৰাকী সফল চিকিৎসক হোৱাৰ সপোণ ৰচিছে । আৰ্থিক দুৰ্বলতাৰ বাবে কোনো কাৰণতে যাতে মধুস্মিতাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাধা আহিব নোৱাৰে তাৰ বাবে টীয়কৰ কেইবাটাও দল - সংগঠন তথা বহুকেইজন ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াইছে ।

ABOUT THE AUTHOR

...view details