অসম

assam

ETV Bharat / city

অসমৰ ভূমিত পুনৰ নগাৰ আগ্ৰাসন !

দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই নিৰ্মাণ কৰিলে পকী দলং। এনে আগ্ৰাসনৰ বাবে অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে।

land encroachment By Naga People At Disai Reserve Forest
অসমৰ ভূমিত পুনৰ নগাৰ আগ্ৰাসন!

By

Published : Jul 11, 2020, 10:56 PM IST

মৰিয়নি, 11 জুলাইঃঅসমৰ ভূমিত পুনৰ নগাৰ আগ্ৰাসন ৷ ইতিমধ্যে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই নিৰ্মাণ কৰিলে পকী দলং ।মৰিয়নী নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ পৰা কিছু নিলগত জানখনা নৈৰ ওপৰত নগাৰ পকী দলং নিৰ্মাণ কাৰ্যই অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। মুককচুং জিলাৰ আওছেনদান নামৰ নগা গাঁওলৈ অহাযোৱাৰ বাবে নগাই ইতিমধ্যে অবৈধ ভাৱে অসমৰ ভূমিৰ ব্যৱহাৰ কৰি আহিছিল। যদিও শেহতীয়াকৈ সেই নগা গাঁৱলৈ অহাযোৱা পথটিৰ ওপৰত থকা জানখানা নৈৰ ওপৰত নগাই নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছে পকী দলং। ইতিমধ্যে নগা সকলে এই পকী দলংখনৰ নিৰ্মাণ কাৰ্য 90 শতাংশ সম্পূৰ্ণ হৈ উঠিছে। স্থানীয় লোকে বাৰম্বাৰ অনুৰোধ কৰাৰ পাছত আজিহে চকু পৰে জিলা প্ৰশাসনৰ।

অসমৰ ভূমিত পুনৰ নগাৰ আগ্ৰাসন!

শনিবাৰে মৰিয়নি ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা মৰিয়নী আৰক্ষীৰ এটা দলে পুল নিৰ্মাণৰ বাবে মজুত ৰখা কেইবাবস্তা চিমেণ্ট আৰু পুল নিৰ্মাণত নিয়োজিত শ্ৰমিক সকলে ব্যৱহাৰ কৰা এটা আশ্ৰয় শিবিৰ নষ্ট কৰে। আৰক্ষী আৰু বন বিভাগৰ অমনোযোগিতাৰ বাবেই নগাই এনেদৰে পকী দলং নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। ইতিমধ্যে নগাৰ এনে আগ্ৰাসনৰ বাবে অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে।

লগতে পঢ়ক- মহাবাহু ব্ৰহ্মপুত্ৰৰে বানত উটি আহিল বনৰীয়া হাতী

ABOUT THE AUTHOR

...view details