মৰিয়নী, 17 জুন : আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে হাতত মাথো কেইটামান মাহ বাকী । নিৰ্বাচনী কুচকাৱাজ নামি পৰিছে ৰাজনৈতিক দল সমূহ । মহামাৰী কৰ'ণাৰ আতংকৰ মাজতে দলৰ জনসম্পৰ্ক কাৰ্যসূচীৰ বাবে মৰিয়নীত উপস্থিত হয় শ্ৰমমন্ত্ৰী সঞ্জয় কিষান । বিজেপি দলে সমগ্ৰ দেশতে আৰম্ভ কৰা জনসম্পৰ্ক কাৰ্যসূচীৰ সফল ৰূপায়ন কৰিব বাবে মৰিয়নীত উপস্থিত হয় ৰাজ্যৰ শ্ৰমমন্ত্ৰীগৰাকী ।
জনসম্পৰ্ক কাৰ্যসূচীৰ বাবে মৰিয়নীত শ্ৰমমন্ত্ৰী সঞ্জয় কিষান - জনসম্পৰ্ক কাৰ্যসূচীৰ বাবে মৰিয়নীত শ্ৰমমন্ত্ৰী সঞ্জয় কিষান
বিজেপিৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ ৷ বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচী ৰূপায়ন কৰিবৰ বাবে মৰিয়নীত উপস্থিত হয় শ্ৰমমন্ত্ৰী সঞ্জয় কিষান ৷
জনসম্পৰ্ক কাৰ্যসূচীৰ বাবে মৰিয়নীত শ্ৰমমন্ত্ৰী সঞ্জয় কিষান
অতীজৰে পৰা কংগ্ৰেছৰ দুৰ্গৰূপে খ্যাত মৰিয়নী সমষ্টিৰ ৰাইজৰ মন জয় কৰিবৰ বাবে মন্ত্ৰীগৰাকীয়ে বহুকেইজন শিক্ষাগুৰু, সমাজকৰ্মী, ব্যৱসায়ী আৰু শ্ৰমিকৰ ঘৰত উপস্থিত হৈ আলোচনাত মিলিত হয় ৷ তাৰোপৰি মৰিয়নী সমষ্টিৰ কেইবাটাও উপপথৰ আধাৰশিলা স্থাপন কৰে । অন্যহাতে মন্ত্ৰীগৰাকীয়ে আয়োজন কৰা সভাসমূহত দেখা নগ'ল কোনোধৰণ সামাজিক দূৰত্ব । সভাসমূহত উপস্থিত সৰ্বসাধাৰণ ৰাইজৰ বাদে বিজেপিৰ কোনো এজন কৰ্মকতাই মাক্স পৰিধান কৰাও দেখা নগ'ল ।