টীয়ক, 10 ডিচেম্বৰ :আজি শ্বহীদ দিৱস ৷ অসমৰ অস্বিত্ব ৰক্ষা আন্দোলনৰ শ্বহীদ সকলক স্মৰণ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে উদযাপন কৰি আহিছে এই দিৱস এই দিনটোত (Swahid Divas celebrate across Assam)।ৰজাঘৰেও প্ৰতিটো বছৰতে উদযাপন কৰে এই দিৱস । উল্লেখ্য যে, 1979 চনৰ 10 ডিচেম্বৰ দিনটোতেই আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল খৰ্গেশ্বৰ তালুকদাৰে (Khargeswar Talukder killed by police) ৷ তেতিয়াৰে পৰা 10 ডিচেম্বৰৰ দিনটো পালন কৰি অহা হৈছে "শ্বহীদ দিৱস" হিচাপে ৷ কিন্তু প্ৰকৃততে শ্বহীদ পৰিয়ালে পাইছে জানো উচিত মৰ্যদা ! আমি ক’বলৈ লৈছো 1983 চনৰ কথা । অসম আন্দোলনৰ ভৰপক আছিল তাহানিৰ সেই সময়খিনি ৷
1983 চনত অসম আন্দালনৰ সময়ত চি আৰ পি এফৰ বন্দুকৰ গুলী বুকুত সাৱতি মৃত্যুক আঁকোৱালি লয় টীয়কৰ বনাই পথালিয়ালৰ এটি পৰিয়ালৰ পোৱাল দাস নামৰ লোকজনে(Assam Movment martyr Puwal Das) ৷ চি আৰ পি এফৰ গুলীয়ে বুকু ভেদি গৈছিল পোৱাল দাসৰ ৷ দেশৰ হকে প্ৰাণ আহুতি দিছিল পোৱালে ৷ কিন্তু দেশৰ হকে যুঁজ দিও অৱহেলিত হৈ ৰ’ল পোৱাল কিম্বা শ্বহীদৰ পৰিয়াল ৷ আজিও শ্বহীদ পৰিয়ালে নাপালে উচিত মৰ্যদা ৷ আনকি পৰিয়ালটোৰ প্ৰতি কোনো সঁহাৰি নাই ৰজাঘৰৰ লগতে কোনো দলীয় সংগঠনৰ ৷