টীয়ক, 28 জুন : কৰ'ণা মহামাৰী (Covid-19) ৰ দ্বিতীয়টো ঢৌত সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ কৰ'ণা ৰোগ প্ৰতিৰোধ কৰিবলৈ চৰকাৰে আংশিক লকডাউন ঘোষণা কৰাৰ পাছত বহু পৰিমানে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছিল ৷ কিন্তু চৰকাৰে লকডাউন শিথিল কৰি দিয়াত পুনৰ গোলাঘাট, যোৰহাটকে ধৰি কোনো কোনো জিলাত ভয়ংকৰভাৱে পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাত (Covid-19) আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷
ইফালে যোৰহাট জিলা টীয়কৰ কাৱৈমাৰী অঞ্চলত নতুনকৈ ৩১ জনকৈ লোকৰ দেহত ক'ভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছে ৷ ইতিমধ্যে উক্ত অঞ্চলটোৰ চাৰিজনকৈ লোক ক'ভিড আক্ৰান্ত হৈ মৃত্যু মুখত পৰে ৷ উক্ত ঘটনাটো পোহৰলৈ অহাৰ পিচতেই যোৰহাট জিলা প্ৰশাসনে সমগ্ৰ অঞ্চলটো কন্টেইনমেন জ'ন (Containment Zone) হিচাপে ঘোষণা কৰে ৷ কিন্তু প্ৰশাসনে অঞ্চলটো কন্টেইমেন্ট জন হিচাপে ঘোষণা কৰা দুটাকৈ দিন ওকলি যোৱাৰ পাছতো প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ তুলিছে গাঁওৰক্ষী বাহিনীৰ লগতে পঞ্চায়তৰ কৰ্মী সকলে ।