যোৰহাট, 10 অক্টোবৰ: কিছুদিন পূৰ্বে গৃহীত হোৱা যান বাহন সংশোধনী আইন, 2019ক লৈ সমগ্ৰ দেশজুৰি বৰ্তমানেও অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ৷ এই নতুন যান-বাহন আইনৰ আগমণৰ ফলত এতিয়া প্ৰায়বোৰ বাহনৰ ক্ষেত্ৰত দেখা গৈছে নতুন জৰিমনাৰ নিৰিখ যি তুলনামূলক ভাৱে পুৰণি যান-বাহন আইনৰ জৰিমণা নিৰিখতকৈ বহুগুণে বেছি ৷ এই নতুন যান-বাইন আইন আৰু ইয়াত অন্তৰ্ভূক্ত অত্যাধিক জৰিমণাই এতিয়া আতংকিত কৰি তুলিছে সাধাৰণ জনগনক ৷ কিন্তু তাৰ মাজত এক ব্যতিক্ৰমী ৰূপত নিজৰ দায়িত্ব পালন কৰা দেখা গৈছে যোৰহাট যান-বাহন আৰক্ষীক ৷
নতুন যান বাহন আইন: ব্যতিক্ৰমী যোৰহাট যান-বাহন আৰক্ষী - awarness program
নতুন যান-বাহন আইনক লৈ ৰাইজৰ মাজত সজাগতা বৃদ্ধি অভিযান ৷
নতুন যান বাহন আইন সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি চহৰখনৰ যান-বাহন আৰক্ষীয়ে হাতত লৈছে এক প্ৰচাৰ অভিযান ৷ অভিযান কালত যান-বাহন আৰক্ষীয়ে চহৰখনৰ ৰাইজক হেলমেট ব্যৱহাৰ, সুৰাপান কৰি গাড়ী-বাইক চলোৱাৰ পৰা বিৰত থকা, যান-বাহন চলাচলৰ সময়ত উপযুক্ত কাগজ-পত্ৰ লগত লৈ ফুৰা আৰু লগতে সঠিক সময়ত বাহনৰ প্ৰদূষণ পৰীক্ষা অব্যাহত ৰখা ইত্যাদিৰ বিষয়ে অৱগত কৰাৰ লক্ষ্য আগত ৰখাৰ উপৰিও নতুন আইনৰ লগত সংলগ্ন জৰিমনাৰ নিৰিখ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ চেষ্টা চলাব বুলি যান-বাহন আৰক্ষীৰ সূত্ৰই সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷ ইফালে সজাগতা অভিযানৰ লগত সংগতি ৰাখি যোৰহাটৰ ৰাজপথত যান-বাহন আৰক্ষীয়ে নতুন যান-বাহন আইনৰ ওপৰত ৰাইজৰ মাজত প্ৰচাৰ পত্ৰিকাও বিতৰণ কৰে ৷