অসম

assam

যোৰহাটত কেবৰ বিৰুদ্ধে ৰাজপথত প্ৰিন্স অৱ ৱেল্ছৰ ছাত্ৰ-ছাত্ৰীৰ যুদ্ধ ঘোষণা

By

Published : Dec 11, 2019, 12:35 PM IST

পৰীক্ষা বাতিল কৰি জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদত বহিল শতাধিক ছাত্ৰ-ছাত্ৰী ৷ প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক সকীয়নি, "আমি কেব নামানো" ৷

যোৰহাটত কেবৰ বিৰুদ্ধে ৰাজপথত প্ৰিন্স অৱ ৱেল্ছৰ ছাত্ৰ-ছাত্ৰীৰ যুদ্ধ ঘোষণা
যোৰহাটত কেবৰ বিৰুদ্ধে ৰাজপথত প্ৰিন্স অৱ ৱেল্ছৰ ছাত্ৰ-ছাত্ৰীৰ যুদ্ধ ঘোষণা

যোৰহাট, 11 ডিচেম্বৰ: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তৃতীয় দিনাও উত্তাল হৈ আছে যোৰহাটৰ আকাশ বতাহ ৷ বুধবাৰে নেছৰ অসম বন্ধৰ দিনটোত চহৰখনৰ চাৰিওফালে কেব বিৰোধী প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছত বুধবাৰে পুৱাৰে পৰা কেবৰ বিৰুদ্ধে পুনৰ উত্তাল হৈছে যোৰহাট ৷ যাৰ ফলত চহৰখনত এতিয়া অৰ্থহীন হৈ পৰিছে আইন-শৃংখলাজনিত পৰিস্থিতি ৷ এইবাৰ কেবৰ বিৰুদ্ধে প্ৰতিবাদত নামিল উজনিৰ অগ্ৰণী উদ্যোগিক শিক্ষণ প্ৰতিষ্ঠান প্ৰিন্স অৱ ৱেল্ছৰ ছাত্ৰ-ছাত্ৰী ৷ ছাত্ৰ ছাত্ৰী সকলে ৰাজপথৰ পৰাই ঘোষণা কৰিলে অ-সংবিধানিক বিধেয়কখনৰ বিৰুদ্ধে যুদ্ধ ৷ প্ৰতিবাদকাৰীসকলে কেব আমি নামনো,অমিত শ্বাহ নিপাত যাওক,সৰ্বানন্দ হুচিয়াৰ শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষানুষ্ঠান প্ৰৱেশ দ্বাৰৰ সন্মুখত বহি বহু সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত গড়আলি হৈ এক বৃহৎ সমদল বাহিৰ কৰে ৷ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে কেব বাতিল নোহোৱা পৰ্যন্ত কোনো কাৰণতে পৰীক্ষাত নবহাৰ হুংকাৰো প্ৰদান কৰে ৷ এইমূহূৰ্তত কেবৰ বিৰুদ্ধে যোৰহাটত ছাত্ৰ সমাজৰ প্ৰতিবাদে ইতিমধ্যে ব্যাপক ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷

পৰীক্ষা বাতিল কৰি জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদত বহিল শতাধিক ছাত্ৰ-ছাত্ৰী

ABOUT THE AUTHOR

...view details