যোৰহাট, 23 এপ্ৰিল :সমগ্ৰ দেশত কৰ’ণাই আতংকৰ পৰিৱেশে বিৰাজ কৰি থকাৰ মাজতে যোৰহাট জিলাত শুকুৰবাৰে কৰ’ণা প্ৰতিষেধক প্ৰদানক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ক’ভিডৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই প্ৰতিষেধক লবলা অহা একাংশই হেতা ওপৰা কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলে ৷
যোৰহাটত কৰ’ণা প্ৰতিষেধক প্ৰদানক লৈ উত্তপ্ত পৰিস্থিতি - covid vaccine
কৰ’ণা প্ৰতিষেধক প্ৰদানক লৈ যোৰহাটত উত্তপ্ত পৰিস্থিতি ৷ ঘটনাস্থলীত আৰক্ষী মোতায়েন ৷ আৰক্ষীৰ উপস্থিতিৰ পাছতহে পৰিস্থিতি নিয়ন্ত্ৰণ অহা পৰিলক্ষিত হয় ৷
![যোৰহাটত কৰ’ণা প্ৰতিষেধক প্ৰদানক লৈ উত্তপ্ত পৰিস্থিতি যোৰহাটত কৰ’ণা প্ৰতিষেধকক লৈ উত্তপ্ত পৰিস্থিতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11509152-thumbnail-3x2-aaa.jpg)
যোৰহাটত কৰ’ণা প্ৰতিষেধকক লৈ উত্তপ্ত পৰিস্থিতি
যোৰহাটত কৰ’ণা প্ৰতিষেধকক লৈ উত্তপ্ত পৰিস্থিতি
যোৰহাট জিলা প্ৰশাসনৰ গাফিলতিৰ বাবেই এনে বেমেজালি হোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিষেধক লবলৈ অহা ৰাইজে ৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী মোতায়েন কৰাতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷