টীয়ক, 19 এপ্ৰিল :আজি অসমীয়াৰ জেং বিহু ৷ ঠাই ভেদে ইয়াক গাভৰু বিহু বুলিও জনা যায় ৷ অসমীয়াৰ সাত বিহুৰ অন্যতম এই জেং বিহুৰ আছে এক সুকীয়া বৈশিষ্ট্য ৷ জেং বিহুৰ দিনা গাঁৱৰ বোৱৰী, জীয়ৰী লগ হৈ পথাৰত নতুবা হাবিত একেলগে বিহু মাৰে (Jeng Bihu celebrations at Teok) ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় এই জেং বিহু অথবা গাভৰু বিহু ৷ কৰ্মসূত্ৰে বা বিবাহসূত্ৰে ঘৰৰ পৰা আঁতৰত থকা প্ৰতিজনী জীয়ৰী এই ব’হাগ বিহুৰ সময়তে ঘৰলৈ আহে(Rangali bihu celebrations in Assam) ৷ ঘৰলৈ আহিয়েই নিজৰ সখীসকলক লগ পাই আনন্দ-উল্লাসত এপাক বিহু মাৰে সকলোৱে ৷ তেনেদৰেই সকলোৱে মিলি আপোন ব’হাগক আদৰণি জনায় ৷