অসম

assam

ETV Bharat / city

কলিয়াপানী উন্নয়ন খণ্ডত অনিয়ম : সময়মতে উপস্থিত নহয় কৰ্মচাৰী

টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পুৱা ১০:৩০ বজালৈকে বিষয়া কৰ্মচাৰীসকল উপস্থিত নোহোৱাৰ এক তথ্য পোহৰলৈ আহিছে ৷ বিগত দেৰ বছৰে ইয়াত খণ্ড উন্নয়ন বিষয়া এজনো নিয়োগ নকৰাত কাৰ্যালয়টোত বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে ৷

By

Published : Jun 4, 2019, 12:41 PM IST

কলিয়াপানী উন্নয়ন খণ্ডত অনিয়ম

টীয়ক, 4 জুন : ৰাজ্য চৰকাৰে চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ মাজত কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ উদ্দেশ্যে নতুন সময়সীমা নিৰ্ধাৰণ কৰাৰ প্ৰাকক্ষণত টীয়কৰ চৰকাৰী কাৰ্যালয়ৰ এক তথ্য পোহৰলৈ আহিছে ৷ টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পুৱা ১০:৩০ বজালৈকে উপস্থিত নহয় বিষয়া কৰ্মচাৰীসকল ৷ ঠিকাদাৰ ভিত্তিত কাম কৰা এজন লোক আৰু চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীৰ বাহিৰে বহু সময়লৈকে কাৰ্যালয়ত প্ৰত্যক্ষ কৰা নহয় বিষয়া - কৰ্মচাৰীসকলৰ উপস্থিতি ৷

কলিয়াপানী উন্নয়ন খণ্ডত অনিয়ম

উল্লেখযোগ্য যে, বিগত দেৰ বছৰে এই উন্নয়ন খণ্ডত এজন স্থায়ী খণ্ড উন্নয়ন বিষয়া নিয়োগ নকৰাৰ বাবে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াজনেই সেই দায়িত্ব পালন কৰিব লগা হোৱাত কাৰ্যালয়টোত বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে ৷

ABOUT THE AUTHOR

...view details