টীয়ক/দৰং, 11 ডিচেম্বৰ : শুকুৰবাৰে টীয়কত উদযাপন কৰা হ'ল মানৱ অধিকাৰ দিৱস(Human Rights Day celebrated at teok) ৷ পূৰ্বভাৰতী শৈক্ষিক ট্ৰাষ্টৰ উদ্যোগত টীয়কত পষেকজুৰি অনুষ্ঠিত হোৱা মহিলাৰ সবলীকৰণ আৰু মানৱ অধিকাৰ সন্দৰ্ভত সজাগতামূলক কাৰ্যসূচীৰ শুকুৰবাৰে সামৰণি পৰে । এই দিৱসৰ লগত সংগতি ৰাখি টীয়কৰ বজাৰ গৃহত অনুষ্ঠিত সভাত মানৱ অধিকাৰ সম্পৰ্কীয় কেতবোৰ সজাগতামূলক পৰামৰ্শৰ লগতে বক্তব্য প্ৰদান কৰে মানৱ অধিকাৰ কৰ্মী নৰেশ গোস্বামীয়ে ।
ৰাজ্যৰ ভিন্ন প্ৰান্তত মানৱ অধিকাৰ দিৱস উদযাপন অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত মহিলাসকল উপস্থিত থাকে এই বিশেষ অনুষ্ঠানত ৷ সভাত মহিলাসকলৰ সততে হোৱা মানৱ অধিকাৰ ভংগৰ ঘটনাৰ ওপৰত বিশ্লেষণ আগবঢ়াই কেইবাগৰাকীও বক্তাই । লগতে নাৰীৰ অধিকাৰৰ বাবে অবিৰত সংগ্ৰাম চলাই যোৱাৰ বাবে সভাত উপস্থিত ৰাইজ প্ৰতিশ্ৰুতিবদ্ধ হয় ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তত মানৱ অধিকাৰ দিৱস উদযাপন শুকুৰবাৰে মঙলদৈৰ পশ্চিম মঙলদৈ কৃষ্টি সংঘৰ বাকৰিতো ৰাজ্যিক ভিত্তিত উদযাপন কৰা হয় বিশ্ব মানৱ অধিকাৰ দিৱস(Human Rights Day celebrated at mangaldoi)। ৰাজ্য তথা জিলাখনৰ বহু কেইগৰাকী মানৱ অধিকাৰ কৰ্মীৰ উপস্থিতিত তামিলনাডুৰ কুন্নুৰত সংঘটিত হোৱা সামৰিক বাহিনীৰ হেলিকপ্তাৰ দুৰ্ঘটনাত প্ৰাণাহুতি দিয়া সেনাপ্ৰধান বিপিন ৰাৱটক শ্ৰদ্ধাঞ্জলি জ্ঞাপন (Tribute to CDS General Bipin Rawat) কৰাৰ লগতে ৰাজ্যখনত বিভিন্ন ধৰণৰ মানৱ অধিকাৰ খৰ্ব হোৱা বিষয়ৰ ওপৰতো আলোকপাত কৰে ।
ৰাজ্যৰ ভিন্ন প্ৰান্তত মানৱ অধিকাৰ দিৱস উদযাপন মঙলদৈৰ চপাইস্থিত ভাৰতীয় সামৰিক বাহিনীৰ হাবিলদাৰ সুখবীৰ সিং, মানৱ অধিকাৰ সমিতিৰ ৰাজ্যিক সভাপতি কিশোৰ ডেকা, সম্পাদক অনুপম ডেকা, জিলা কাৰ্যকৰী সভাপতি মহেন্দ্ৰ বৰুৱা, অধিবক্তা মাধৱ ৰাজবংশী, বিশিষ্ট সাহিত্যিক ড৹ নগেন শৰ্মাকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক লোকে উক্ত অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তত মানৱ অধিকাৰ দিৱস উদযাপন লগতে পঢ়ক :India after Independence and Vision 2047 : টীয়কত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ