টীয়ক, 30 মে':দিহিং পাটকাই সংৰক্ষিত অভয়াৰণ্য সুৰক্ষাৰ দাবীত আৰু মুক্ত কয়লা খননৰ বিৰোধিতাৰে শনিবাৰে টীয়ক চাহ বাগিছাত মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কেইবাটাও সংগঠনৰ ৷ টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, আটছা টীয়ক উপ শাখা আৰু টি এম পি কে ধৰি বিভিন্ন দল সংগঠনে লকডাউনৰ সম্পূৰ্ণ নীতি নিয়ম বৰ্তাই ৰাখি সামাজিক ব্যৱধানৰ মাজেৰে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
দিহিং পাটকাই সুৰক্ষাৰ দাবীত টীয়কত বহুকেইটা সংগঠনৰ মানৱ শৃংখল - different organizations to protect Dehing patkai at Tiok
প্ৰতিবাদৰ মাজৰে দিহিং পাটকাই হস্তী সংৰক্ষিত অভয়াৰণ্যত কেন্দ্ৰীয় চৰকাৰে মুক্ত কয়লা খনন চলাবলৈ অনুমতি দিয়া কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে সংগঠন কেইটাৰ কৰ্মীসকলে ৷
দিহিং পাটকাই সুৰক্ষাৰ দাবীত টীয়কত বহুকেইটা সংগঠনৰ মানৱ শৃংখল
প্ৰতিবাদৰ মাজৰে দিহিং পাটকাই হস্তী সংৰক্ষিত অভয়াৰণ্যত কেন্দ্ৰীয় চৰকাৰে মুক্ত কয়লা খনন চলাবলৈ অনুমতি দিয়া কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে সংগঠন কেইটাৰ কৰ্মীসকলে ৷ মুক্ত কয়লা খননৰ ফলত বৰ্ষাৰণ্যখনৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি অনাৰ লগতে জীৱকুললৈ বিপদ কঢ়িয়াই আনিব বুলি উল্লেখ কৰি ইয়াৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে অসমীয়া ৰাইজৰ আবেগ অনুভূতিৰ লগত খেলা নকৰিবলৈ চৰকাৰখনক সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়কঃদিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতি কিমানদূৰ সত্য !