যোৰহাট, 3 এপ্ৰিল: সমাগত লোকসভা নিৰ্বাচনত যোৰহাটৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়োৱা তপন গগৈৰ হৈ মঙ্গলবাৰে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । নাজিৰাৰ পৰা হেলিকপ্টাৰৰে আহি মৰিয়নীৰ গংগাপুৰ খেল পথাৰত অৱতৰণকৰি তাৰ পৰা দলে-বলে আহি সোণোৱাল চাহ বাগিচাৰ খেল পথাৰত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশ লৈ কংগ্ৰেছক তুলা-ধূনা দিয়ে মন্ত্ৰী গৰাকীয়ে ।
মৰিয়নীত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী সভা - তৰুণ গগৈ
‘ পুত্ৰ স্নেহত ধৃতৰাষ্ট্ৰ হ'ল তৰুণ গগৈ - অসমক আজমলৰ ওচৰত বিক্ৰী কৰিবলৈ আমি নিদিওঁ ’
![মৰিয়নীত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী সভা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2885254-798-2caa5612-a2da-4681-b02c-bf2045b5d36f.jpg)
এই নিৰ্বাচনী সভাত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সমালোচনা কৰি কয় যে, 'তৰুণ গগৈয়ে পুত্ৰ স্নেহত অন্ধ হৈ ধৃতৰাষ্টৰ ভূমিকা পালন কৰাৰ লগতে অসম খন আজমলক বিক্ৰী কৰিব খুজিছে ।' ইমানেই নহয়, জনগণক উদ্দেশ্যি চৰকাৰে জনসাধাৰণৰ বাবে নতুনকৈ আগবঢ়োৱা আঁচনি সমূহ বিতংকৈ উপস্থাপন কৰাৰ লগতে মহিলা আত্মসহায়ক গোট সমূহক 1লাখ টকালৈকে অনুদান আগবঢ়াব বুলিও আনুষ্ঠানিকভাৱে ঘোষণা কৰে । উল্লেখ্য যে, যোৰহাট লোকসভা সমষ্টিৰ ভিতৰতমৰিয়নীতে বিজেপিয়ে অত্যধিক ভোট পাব বুলিও এক প্ৰকাৰে গভীৰ আত্মবিশ্বাস ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে ।