যোৰহাট, 22 আগষ্ট :নিৰ্লজ্জ তথা পাশৱিক ! ৰাজ্যত আকৌ সংঘটিত হৈছে আন এক নাৰকীয় ঘটনা ৷ শিকলিৰে বান্ধি তালিবানী শাস্তি দিয়া হ’ল এগৰাকী বোৱাৰীক ৷ শহুৰ-শাহুৱেকৰ লগতে শিকলিৰে বান্ধি অকথ্য নিৰ্যাতন চলালে ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়েও ৷ এইবাৰ ঘটনাৰ স্থান গোলাঘাট জিলাৰ মেৰাপানীৰ অন্তৰ্গত 4 নং তৰাণি গাঁৱত (Domestic violence case in Golaghat) ৷
সামান্য কথাতেই ভুক্তভোগী মহিলাগৰাকীক স্বামী ঘৰৰ মানুহে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অন্য দিনাৰ দৰে সোমবাৰেও স্বামীৰ ঘৰৰ মানুহে মাৰপিট কৰে ভুক্তভোগী মহিলাগৰাকীক (Harassment of wife by husband and his family at Merapani) ৷ সংবাদ মাধ্যমৰ আগত সকলো কথা বিৱৰি ক’লে ভুক্তভোগী মহিলাগৰাকীয়ে ৷
কেৱল মাৰপিট কৰাই নহয়, নিজক বচাবলৈ চেষ্টা কৰাৰ বাবেই ভুক্তভোগী মহিলাগৰাকীক শিকলিৰে বান্ধি অকথ্য নিৰ্যাতন চলাই শহুৰ-শাহুৱেক আৰু তেওঁৰ স্বামীয়ে ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী ৷ কিন্তু সৌভাগ্যবশতঃ সুবিধা বুজি স্বামীগৃহৰ পৰা পলায়ন কৰে মহিলাগৰাকীয়ে ৷