টীয়ক, 1 ছেপ্টেম্বৰ :চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰা ভূমিৰ বৰ্দ্ধিত মূল্য বিচাৰি টীয়কত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে ভূমি অধিগ্ৰহণ কৰোতে টীয়কৰ নগৰাঞ্চলত ক্ষতিগ্ৰস্থসকলক মাটিৰ মূল্য গ্ৰাম্যাঞ্চলৰ মাটিৰ মূল্য হিচাপে চিহ্নিত কৰি একেবাৰে নূন্যতম মূল্য আগবঢ়ায় ৷
সেই লৈ ক্ষতিগ্ৰস্তসকলে মাটিৰ মূল্য কম হোৱা বুলি আপত্তি কৰাত ভূমি অধিগ্ৰহণ কৰ্তৃপক্ষই ভৱিষ্যতে মাটিৰ মূল্য সংশোধন কৰি উচিত মূল্য দিব বুলি আশ্বাস দিয়ে ৷ ভূমি অধিগ্ৰহণ কৰ্তৃপক্ষই এইদৰে আশ্বাস প্ৰদান কৰি সেই দৰতে মাটিৰ মূল্য ল'বলৈ আহ্বান জনাইছিল ৷ কিন্তু কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টো এৰাই চলাৰ লগতে আজি পৰ্যন্ত বৰ্দ্ধিত মূল্য আদায় দিয়া নাই ।
পথৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ বৰ্ধিত মূল্য বিচাৰি প্ৰতিবাদ সেয়ে টীয়কৰ এইসকল ক্ষতিগ্ৰস্ত ৰাইজ একত্ৰিত হৈ চহৰখনৰ মাজমজিয়াত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । লগতে টীয়ক নগৰৰ মাটিৰ শ্ৰেণী গাঁও নে নগৰ অঞ্চলৰ অন্তৰ্ভূক্ত তাক স্পষ্ট কৰি নিৰ্দেশনা দিবলৈ তথা সকলো ক্ৰূটি আঁতৰাই শীঘ্ৰেই ইয়াৰ কাম আৰম্ভ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ অন্যথা দাবীসমূহ পুৰণ নোহোৱা পৰ্যন্ত কোনোধৰণৰ নিৰ্মাণ কাৰ্য কৰিবলৈ নিদিয়ে বুলি হুংকাৰ দিয়ে । এই প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থা,জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ভালেসংখ্যক দল-সংগঠনে ক্ষতিগ্ৰস্ত ৰাইজৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰি সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে যোৰহাট সংসদীয় সমষ্টিৰ সাংসদগৰাকীক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।
লগতে পঢ়ক :অসমৰ ভূমিত অসমীয়াক প্ৰহাৰ অৰুণাচলীৰ