অসম

assam

ETV Bharat / city

বঞ্চিত থলুৱা ঠিকাদাৰ : ধন নিদিয়াকৈ পলায়ন নিৰ্মাণ সংস্থাৰ - উজনিত চাৰিলেন যুক্ত পথৰ জৰাজীৰ্ণ অৱস্থা

উজনিত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কেৰোণ ক’ত ? ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ জি এমক ঘেৰাও শতাধিক ঠিকাদাৰ-কৰ্মচাৰীৰ ৷ দহ লক্ষাধিক টকা অনাদায় কৰি পলায়ন নিৰ্মাণ প্ৰতিষ্ঠানৰ ৷

Pathetic four lane road in Upper Assam
Pathetic four lane road in Upper Assam

By

Published : Jun 28, 2022, 4:54 PM IST

Updated : Jun 28, 2022, 6:54 PM IST

যোৰহাট, 28 জুন:উজনিত চাৰিলেনযুক্ত পথৰ জৰাজীৰ্ণ অৱস্থাই পথচাৰীক জোলোকা-জোলোকে পানী খুৱাই আহিছে (Pathetic four lane road in Upper Assam)। পথৰ মাজত গাঁত নে গাঁতৰ মাজত পথ সেয়া যেন বুজাই সমস্যা হৈ পৰিছে ৷ নিৰ্মাণকাৰী সংস্থা NHIDCL-ক খোদ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কঠোৰ সকীয়নি দিয়াৰ পাছতো কেৰেপ নকৰে (Four lane road construction company)। উজনিৰ জাঁজীৰ পৰা ডিমৌলৈ NHIDCL-এ উপ-ঠিকা দিছিল GDCL নামৰ এটা প্ৰতিষ্ঠানক ।

ধন নিদিয়াকৈ পালয়ন নিৰ্মাণ সংস্থাৰ

এই GDCL-ৰ অধীনত বহু ঠিকাদাৰে শিল-বালি-মাটি আদিৰ যোগানৰ লগতে বিভিন্ন কাম কৰিছিল । কিন্তু শেহতীয়াকৈ GDCL-ক এই কামৰ পৰা ব্লেক লিষ্টেড কৰি দিয়া হয় । ফলত GDCL-ৰ অধীনত কাম কৰা শতাধিক ঠিকাদাৰ আৰু কৰ্মচাৰীয়ে লাভ কৰা নাই লাখ লাখ টকা (Local contractors deprive of bills in Sivsagar)। প্ৰায় দহ লক্ষাধিক টকা পাবলৈ আছে এইসকল থলুৱা ঠিকাদাৰ আৰু কৰ্মচাৰীয়ে ।

অভিযোগ মতে, NHIDCL-এ GDCL-ক কমিছনৰ বিনিময়ত পাবলৈ থকা টকাতকৈ বেছি ধন ইতিমধ্যে আদায় দিলে । যাৰ বাবে মঙলবাৰে শিৱসাগৰ জিলাৰ পৰা অহা শতাধিক ঠিকাদাৰ আৰু কৰ্মচাৰীয়ে যোৰহাটত থকা NHIDCL-ৰ অফিচত জেনেৰেল মেনেজাৰক টেবুলতে ঘেৰাও কৰি জবাবদিহি কৰে (Local contractor protest in Jorhat)।

কাৰ্যালয় চৌহদত বিভিন্ন শ্ল’গান দি প্ৰতিবাদ কৰে ঠিকাদাৰসকলে । এসপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য আদায় নিদিলে NHIDCL-ৰ কাৰ্যালয়ত তলা ওলোমোৱাৰ লগতে প্ৰয়োজনত আমৰণ অনশন কৰাৰ হুংকাৰ দিয়ে এইসকল বঞ্চিত ঠিকাদাৰে । তেওঁলোকৰ স্পষ্ট অভিযোগ, NHIDCL আৰু উপ-ঠিকা দিয়া প্ৰতিষ্ঠানবোৰৰ মাজত অকল কমিছনৰ অংকৰ বাবেই উজনিত চাৰিলেন যুক্ত পথৰ নিৰ্মাণ চূড়ান্ত লেহেমীয়া হৈছে ।

কমিছন লৈ উপ-ঠিকা দিয়া প্ৰতিষ্ঠানবোৰক বিল আদায় দিলে যদিও কাম আদায় কৰিব নোৱাৰিলে । ইফালে এই উপ-ঠিকা দিয়া প্ৰতিষ্ঠানবোৰে কাম কৰা থলুৱা যুৱকসকলক বিল আদায় নিদি এটাৰ পাছত এটাকৈ ব্লেক লিষ্টেড হৈ পলায়ন কৰিছে । উল্লেখযোগ্য যে যোৰহাটৰ অংশত কাম কৰা উপ-ঠিকা লোৱা প্ৰতিষ্ঠান লিংকন, চানমায়া আদিয়ে ইতিমধ্যেই কোটি কোটি টকা থলুৱা ঠিকাদাৰক আদায় নিদিয়াকৈ পলায়ন কৰিছে ।

লগতে পঢ়ক :Controversy in LMC : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী নাৰ্চক নিলম্বন

Last Updated : Jun 28, 2022, 6:54 PM IST

ABOUT THE AUTHOR

...view details