অসম

assam

ETV Bharat / city

Nangal Bihu celebration: টীয়কত নাঙল বিহু উদযাপন

চাৰি বহাগৰ পুৱাই নাঙল বিহু উদযাপন কৰিলে চহা কৃষকে (Nangal Bihu celebration) ৷ টীয়ক জগদুৱাৰত পৰম্পৰা ৰক্ষা কৰি কৃষকে পালন কৰিলে এই নাঙল বিহু ৷

Teok nangal bihu
Teok nangal bihu

By

Published : Apr 18, 2022, 4:21 PM IST

18 এপ্ৰিল, টীয়ক: আজি চাৰি ব’হাগ ৷ আজিৰ দিনটোতে ৰাজ্যজুৰি পালন কৰা হয় নাঙল বিহু হিচাপে (Nangal Bihu celebration) ৷ চহা খেতিয়ক অসমীয়াৰ আজি নাঙল বিহু ৷ কৃষিপ্ৰধান বৃহত্তৰ অসমীয়া জাতিটোৰ কৃষিকাৰ্যত ব্যৱহৃত সা-সজুঁলিসমূহৰ নামত উৎসৰ্গিত বহাগৰ চতুৰ্থটো দিন (Nangal Bihu of Assam) ৷ নাঙল বিহুৰ তাৎপৰ্য হ'ল বহাগ বিহুৰ ৰং-ধেমালিৰ অন্তত পথাৰ উপচোৱা বৰষুণজাকৰ সৈতে খেতিৰ বাবে পথাৰত নমাৰ পূৰ্বে কৃষিকাৰ্যত ব্যৱহাৰ হোৱা সা-সজুঁলিসমূহৰ ওচৰত চাকি-বন্তি জ্বলাই বছৰটোৰ সমৃদ্ধি কামনা কৰা ৷

টীয়কত নাঙল বিহু উদযাপন

সমগ্ৰ ৰাজ্যৰ লগতে আজি টীয়কতো নাঙল বিহুৰ পৰম্পৰা পালন কৰা দেখা গ’ল । টীয়কৰ বনাই অঞ্চলৰ কৃষকে নিজৰ পৰম্পৰা ৰক্ষা কৰি পালন কৰিছে নাঙল বিহু ৷ নাঙল, জুঁৱলি, মৈ আদি কৃষিকাৰ্যত ব্যৱহৃত সজুঁলি সমূহ নোৱাই ধোৱাই চাকি-বন্তি জ্বলাই সেৱা জনাই বছৰটোৰ খেতি যেন ভাল হয় তাৰ কামনা কৰিছে কৃষক অসমীয়াই (Fourthday of Bohag bihu celebrated as nangal bihu) ।

যান্ত্ৰিকতাৰ পৃথিৱীত নাঙলৰ ব্যৱহাৰ অৱশ্যে হ্ৰাস পাইছে ৷ তথাপিও নিজৰ পৰম্পৰা উত্তৰ প্ৰজন্মক চিনাকি কৰি দিয়াৰ উদ্দেশ্যে এইদৰে নাঙল বিহু উদযাপন কৰা হৈছে বুলি মন্তব্য কৰিছে কৃষক সমাজে ।

লগতে পঢ়ক:Guwahati Latasil Bihu Sanmilan: শিৱসাগৰৰ শতাব্দী কলিতালৈ ঐতিহাসিক লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ

ABOUT THE AUTHOR

...view details