অসম

assam

ETV Bharat / city

বিজেপিয়ে সকলোতে গেৰুৱাকৰণ কৰিব বিচাৰিছে : তৰুণ গগৈ

সোমবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপিৰ সমালোচনা কৰে । গণতন্ত্ৰৰ সকলো স্তম্ভকে চৰকাৰে ৰক্ষণাবেক্ষণ দিব লাগিছিল যদিও বিপদাপন্নহে কৰিছে বুলি তেওঁ মন্তব্য কৰে । চৰকাৰৰ এনে ব্যৰ্থতা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে সেয়েহে এইবাৰ বিজেপি চৰকাৰ শাসনলৈ নাহে বুলি তেওঁ জনায় ।

By

Published : Apr 29, 2019, 7:29 PM IST

TARUN GOGOI'S PRESSMEET

যোৰহাট, ২৯ এপ্ৰিল: বিজেপি চৰকাৰৰ কাৰ্যকালত গণতন্ত্ৰৰ সকলো স্তম্ভ বিপদাপন্ন হৈছে বুলি এক সংবাদমেলৰ জৰিয়তে মন্তব্য কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । গণতন্ত্ৰৰ সকলো স্তম্ভকে চৰকাৰে ৰক্ষণাবেক্ষণ দিব লাগিছিল যদিও বিপদাপন্নহে কৰিছে বুলি তেওঁ মন্তব্য কৰে । বৰ্তমানৰ মোডী চৰকাৰ এইক্ষেত্ৰত চূড়ান্তভাবে বিফল হৈছে বুলি তেওঁ কটাক্ষ কৰে । ৰাজ্যত দিনক দিনে বৃদ্ধি পাই অহা সাংবাদিক আক্ৰমণৰ প্ৰসংগও টানি আনি তেওঁ কয় যে, ৰাজ্যৰ সাংবাদিক সকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ চৰকাৰ আৰু আৰক্ষী প্ৰশাসন ।

TARUN GOGOI'S PRESSMEET

চৰকাৰৰ এনে ব্যৰ্থতা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে সেয়েহে এইবাৰ বিজেপি চৰকাৰ শাসনলৈ নাহে বুলি তেওঁ জনায় । বিজেপি চৰকাৰে ন্যায়পালিকা, শিক্ষাখণ্ড সকলোতে গেৰুৱাকৰণ কৰিব বিচাৰিছে বুলিও তেওঁ মন্তব্য কৰে । এজন চকীদাৰ প্ৰধানমন্ত্ৰী দেশে আকৌ নিবিচাৰে বুলি দাবী কৰি তেওঁ কয় যে, অসমৰ চৰকাৰ সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই চলোৱা নাই, বৰঞ্চ আৰ এছ এছ, ৰাম মাধৱেহে চলাইছে বুলি তেওঁ মন্তব্য কৰে । ৰাম মাধৱ, মোডীক সন্তুষ্ট কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে অসমৰ মাটি বিক্ৰী কৰিবলৈ ওলাইছে বুলিও কটাক্ষ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।

আঞ্চলিকতাবাদৰ আদৰ্শত গঢ় লৈ উঠা অসম গণ পৰিষদ এতিয়া বিক্ৰী হৈ গৈছে বুলি তেওঁ দাবী কৰে । শ্বহীদৰ তেজক তেওঁলোকে জ্বলাঞ্জলি দিলে বুলিও তেওঁ কয় । প্ৰকৃত আঞ্চলিকতাবাদ বৰ্তমান কংগ্ৰেছ দলেহে পালন কৰি আহিছে বুলি তেওঁ জনায় । অসমৰ বুৰঞ্জীত আটাইতকৈ ব্যৰ্থ মুখ্যমন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল বুলি তেওঁ কটাক্ষ কৰে । নৰেন্দ্ৰ মোডীক সমালোচনা কৰি তেওঁ কয় যে, গঙ্গাৰ নামত দিবলৈ তেওঁৰ ধন আছে কিন্তু অসমৰ নামত দিবলৈ ধন নাই । বৰ্তমান ৰাজ্যত চলি থকা ছিণ্ডিকেট ৰাজ সম্পৰ্কত তেওঁ কয় যে, এই দুৰ্নীতিক লৈ এতিয়া নেদেখাৰ ভাও ধৰিছে চৰকাৰে ।

ABOUT THE AUTHOR

...view details