অসম

assam

ETV Bharat / city

যোৰহাট উত্তৰ-পূৱ বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত বন ধংসযজ্ঞ - উত্তৰ-পূৱ বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ বিৰুদ্ধে গোচৰ ৰুজু

যোৰহাট উত্তৰ-পূৱ বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত বন ধংসযজ্ঞ ৷ দেউৰী উপাধিৰ এজন বিজ্ঞানীৰ নেতৃত্বত ধংসলীলা চলাৰ অভিযোগ উত্থাপন হৈছে ।

NEIST
যোৰহাট উত্তৰ-পূৱ বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত বন ধংসযজ্ঞ

By

Published : Dec 24, 2020, 10:49 PM IST

যোৰহাট, 24 ডিচেম্বৰ : উত্তৰ-পূৱ বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত চলিছে অবাধ বন ধংসযজ্ঞ । পৰিভ্ৰমী চৰাইৰ বাসস্থান হিচাপে পৰিচিত এই নৈসৰ্গিক প্ৰতিষ্ঠানত দেউৰী উপাধিৰ এজন বিজ্ঞানীৰ নেতৃত্বত ধংসলীলা চলাৰ অভিযোগ উত্থাপন হৈছে। বৰদিনৰ কাৰ্যসূচীৰ অচিলা লৈ এনেদৰে মূল্যৱান গছসমূহ কাটি পেলোৱা হৈছে প্ৰতিষ্ঠানখনত ৷

যোৰহাট উত্তৰ-পূৱ বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত বন ধংসযজ্ঞ

এজন প্ৰকৃতিপ্ৰেমী ব্যক্তি আৰু পশ্চিম প্ৰেছ ক্লাৱৰ সম্পাদক মৃদুল হাজৰিকাৰ প্ৰচেষ্টাত এই প্ৰকৃতি ধংসযজ্ঞ পোহৰলৈ আহিছে । বন বিভাগৰ অনুমতি নোলোৱাকৈ প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ বিজ্ঞানী দেউৰীয়ে বন ধংসযজ্ঞ চলাইছে সেই সম্পৰ্কত এতিয়া বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে ৷

যোৰহাট উত্তৰ-পূৱ বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত বন ধংসযজ্ঞ

ইতিমধ্যে বনবিভাগে উত্তৰ-পূৱ বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক :হিমন্তৰ সদম্ভ ঘোষণাঃ 21ত পুনৰ এবাৰ বিজেপিৰে চৰকাৰ গঠন হ'ব অসমত

For All Latest Updates

ABOUT THE AUTHOR

...view details