যোৰহাট, 23 জুনঃ যোৰহাটত প্ৰশাসনৰ নিষেধাজ্ঞা থকাৰ তৎসত্ত্বেও পদপথত ৰমৰমীয়া ব্যৱসায় কৰি আহিছে একাংশ ব্যৱসায়ীয়ে ৷ ইতিমধ্যে প্ৰশাসনে পদপথত ব্যৱসায় নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল যদিও কোনো নীতি -নিৰ্দেশনাক অমান্য কৰি পুনৰ আৰম্ভ কৰিছে পদ পথত ব্যৱসায় ৷
যোৰহাট চহৰত পদপথসমুহ পুনৰ ব্যৱসায়ী সকলে চলাই আহিছে ৰমৰমীয়া ব্যৱসায় । জিলা প্ৰশাসনে পদপদৰ ব্যৱসায়ী সকলক পদপথত ব্যৱসায় নকৰিবলৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছিল ৷ কিন্তু প্ৰশাসনে নিৰ্দেশ জাৰি কৰা কোনো নিয়ম-নীতি অবহেলা কৰি পুনৰ পদপথ সমুহত একাংশ ব্যৱসায়ীয়ে আৰম্ভ কৰিছে ব্যৱসায় ৷ ইতিমধ্যে চহৰ খনত পথাচাৰী সকলৰ বাবে বন্ধ হৈ পৰিছে পদ-পথ সমুহ ৷
যোৰহাটত প্ৰশাসনৰ নিৰ্দেশ নামানে ব্যৱসায়ীয়ে ! উল্লেখ্য যে, যোৰহাট চহৰখনত সময়ে সময়ে প্ৰশাসনে পদপথ সমুহত অবৈধ ভাৱে চলি থকা ব্যৱসায় সমুহ আঁতৰাই আহিছিল । ইতিমধ্যে পদপথত ব্যৱসায় নিষিদ্ধ কৰিছিল ৷ আনহাতে কৰ'ণা সংক্ৰমণ পৰা ৰক্ষা পাবলৈ প্ৰশাসনে সম্পূৰ্ণ পদ-পথত ব্যৱসায় বন্ধ কৰিছিল যদিও বৰ্তমানৰ সময়ত পুনৰ পদ-পথত সমুহ বন্ধ কৰি ব্যৱসায় আৰম্ভ কৰে । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা ভোগদৈ দলংৰ ওচৰলৈকে এতিয়া পদপথ সমূহত ব্যৱসায় পুনৰ ঠন ধৰি উঠিছে । উক্ত ঘটনাত এতিয়া উপায়ন্তৰ হৈ পৰিছে পথাচাৰী সকল ৷ অতি শীঘ্ৰে পদ-পথৰ ব্যৱসায় প্ৰতিষ্ঠান সমুহ উচ্চেদ কৰি চহৰ খনৰ পদ-পথ সমুহ ব্যৱসায়ী কবলৰ পৰা মুক্ত কৰি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে সচেতন মহলে ৷
লগতে পঢ়ক- গুৱাহাটীৰ ১১টা ৱাৰ্ডত লক্ ডাউন ঘোষণা প্ৰশাসনৰ