অসম

assam

ETV Bharat / city

তিতাবৰত ক'ভিড কেয়াৰ কেন্দ্ৰত পুষ্টিকৰ খাদ্য বিতৰণ প্ৰশাসনৰ - Titabor Covid Care Center

ক'ভিড-19 য়ে সৃষ্টি কৰা ভয়ংকৰ পৰিস্থিতিৰবাবে তীব্ৰ খাদ্য সংকটত পৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজৰ লগতে যোৰহাট জিলাৰ তিতাবৰ ক'ভিড কেয়াৰ চেণ্টাৰত থকা গৰ্ভৱতী মহিলা আৰু শিশু সকল ৷ বৃহস্পতিবাৰে ক'ভিড কেয়াৰ(COVID CARE CENTER)কেন্দ্ৰত থকা গৰ্ভৱতী মহিলা সকলৰ লগতে শিশুসকলক পুষ্টিকৰ আহাৰ প্ৰদান কৰে মহকুমা প্ৰশাসনে ৷

Food Distribution By Administration At Titabor Covid Care Center
তিতাবৰত ক'ভিড কেয়াৰ কেন্দ্ৰত পুষ্টিকৰ খাদ্য বিতৰণ প্ৰশাসনৰ

By

Published : Jun 17, 2021, 11:02 PM IST

তিতাবৰ,17জুনঃ ক'ভিড মহামাৰীয়ে স্তব্ধ কৰি পেলাইছে সাধাৰণ ৰাইজৰ জন-জীৱন ৷ ক'ভিডে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ বাবে তীব্ৰ খাদ্য সংকটত পৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ ৷ ইফালে চৰকাৰ তথা ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠানেও কন্টেইনমেন্ট জ'ন (CONTENMENT ZONE)ত থকা লোক সকলক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰিছে ৷

সমান্তৰালকৈ যোৰহাট জিলা (JORHAT)ৰ তিতাবৰতো ক'ভিড পৰিস্থিতি ভয়ংকৰ ৰূপ লোৱাত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ তিতাবৰ বিভিন্ন প্ৰান্তৰ ক'ভিড কেয়াৰ (COVID CARE CENTER) কেন্দ্ৰ সমূহত থকা লোক সকলৰ লগতে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয় ( TITABOR CIVIL HOSPITAL)ৰ চৌহদত থকা ক'ভিড কেয়াৰ চেণ্টাৰত থকা গৰ্ভৱতী মহিলা আৰু শিশু সকলক বৃহস্পতিবাৰে পুষ্টিকৰ আহাৰ যোগান ধৰে মহকুমা প্ৰশাসনে ৷

তিতাবৰত ক'ভিড কেয়াৰ কেন্দ্ৰত পুষ্টিকৰ খাদ্য বিতৰণ প্ৰশাসনৰ

ক'ভিডত আক্ৰান্ত গৰ্ভৱতী মহিলাক পুষ্টিকৰ আহাৰ যোগান ধৰা লগতে শিশু সকলৰ বাবে চেৰলেক (CERELACK), লেক্টজেন (LACTOZEN), ডাইপাৰ,খেলনা সামগ্ৰী পৰ্যন্ত যোগান ধৰা হয়।গৰ্ভৱতী মহিলা সকলক গাখীৰ, কণী আদি পুষ্টিকৰ খাদ্য যোগান ধৰে তিতাবৰ মহকুমা প্ৰশাসন লোক সকলে।

লগতে পঢ়ক-আমগুৰিত মাইক্ৰফাইনেঞ্চ কোম্পানী আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details