অসম

assam

ETV Bharat / city

বন্যাৰ্তলৈ নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকৰ বান সাহাৰ্য - flood-relief-by-north-east-small-finance-bank at jorhat teok news

টীয়কৰ বানপীড়িতৰ কাষত নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংক ৷ জাঁজীমুখৰ বহু অঞ্চলত খাদ্য সামগ্ৰীকে আদি কৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ ৷

জাঁজীমুখৰ বহু অঞ্চলত সামগ্ৰী বিতৰণ
বন্যাৰ্তলৈ নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকৰ বান সাহাৰ্য

By

Published : Jul 30, 2020, 6:20 PM IST

যোৰহাট, 30 জুলাই :অসমৰ অন্যতম থলুৱা বেংক নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকৰ টীয়ক শাখাৰ উদ্যোগত টীয়কৰ বৃহত্তৰ জাঁজীমুখ অঞ্চলৰ বানপীড়িতসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । টীয়ক শাখাৰ প্ৰৱন্ধক ৰবীন পূৰ্টীৰ বিশেষ তৎপৰতাত জাঁজীমুখৰ ফুকনবাৰী,গড়খাৱৈপাৰ,কুমাৰ গাঁও, ভকত গাঁও আদি অঞ্চলৰ প্ৰায় 100 টা আৰ্ত পৰিয়ালক চাউল,দাইল,মিঠাতেল,ফেনাইল আদি সামগ্ৰী বিতৰণ কৰে ৷

বন্যাৰ্তলৈ নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকৰ বান সাহাৰ্য

আনহাতে বেংকৰ বিষয়ববীয়াই অহা দুদিনত টীয়কৰ বান বিধস্ত কাৱৈমাৰীকে ধৰি কেইবাটাও অঞ্চলৰ প্ৰায় 300 পৰিয়ালক সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰিছে । উল্লেখযোগ্য যে,এই থলুৱা বেংকে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত ব্যৱসায়ৰ সমান্তৰালকৈ বান সাহাৰ্য,মানুহ-পশু উভয়ৰে চিকিৎসা শিবিৰকে ধৰি বিভিন্ন সামাজিক কাম-কাজ কৰি সামাজিক দ্বায়বদ্ধতাৰ প্ৰমাণ দিছে । উক্ত কাৰ্যসূচীত ক্ষেত্ৰ প্ৰৱন্ধক যদুমণি ডেকা,প্ৰৱন্ধক মানসজ্যোতি বৰাকে প্ৰমুখ্য কৰি কেইবাজনো বেংকৰ কৰ্মচাৰী তথা বিষয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক :ৰাফেলৰ সৈতে উৰিব এজন অসম সন্তানৰ সপোন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details