যোৰহাট, ২৪ এপ্ৰিল : যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অৱস্থিত নীট ই হাব তথা অটল ইনক্যুবেশ্যন চেন্টাৰে ২০২০-২১ বৰ্ষৰ কৃষি আৰু আনুষংগিক খণ্ডৰ ১৭ গৰাকী সম্ভাৱনাপূৰ্ণ উদ্যোগীক ১ কোটি ৫১ লাখ টকাৰ অৰ্থসাহাৰ্য প্ৰদান কৰিছে (financial aid to agricultural entreprenurs) । ভাৰত চৰকাৰৰ কৃষি সমবায় তথা কৃষক কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ দ্বাৰা কৃষি আৰু আনুসংগিক খণ্ডসমুহৰ পুনৰ উজ্জীৱিত উদ্দেশ্যে প্ৰৱৰ্তিত 'ৰাফটাৰ' ৰ অধীনত ২০ এপ্ৰিল তাৰিখে এই অৰ্থসাহাৰ্যৰ চেক প্ৰদান কৰা হয় ।
উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ ভিতৰত নিৰ্বাচিত সম্ভাৱনাপূৰ্ণ উদ্যোগীসকলক ইশ্বান্যাৰ আচনিৰ অধীনত ৮ জনক প্ৰত্যেককে ৫ লাখ টকাৰ চেক আৰু স্বাৰেন্যা অধীনত ৯ জনক ২০ লাখ টকাকৈ এই ধনৰাশিৰ চেক বিতৰণ কৰা হয় । বিশ্ববিদ্যালয়ৰ নীটীহাবৰ কাৰ্যালয়ত অনুষ্ঠিত বিশেষ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা আৰু সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে চেকসমুহ বিতৰণ কৰে ।