অসম

assam

ETV Bharat / city

তিৱা যুৱতীক বিয়া কৰোৱাৰ বাবেই সমাজে এঘৰীয়া কৰিলে যোৰহাটৰ এটা পৰিয়ালক - অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া

আধুনিকতা আৰু শিক্ষিত সমাজক কলুষিত কৰা এক ঘটনা ৷ তিৱা সম্প্ৰদায়ৰ যুৱতীক বিয়া কৰোৱাৰ বাবে দোষী সাব্যস্ত হ’ল যোৰহাটৰ এটা পৰিয়াল (Family victimized by social exclusion)৷ বৰ্তমান সমাজৰ বহুজনৰ পৰা নিলগত বাস কৰি আছে এই পৰিয়ালটোৱে ৷

Family victimized by social exclusion In jorhat
তিৱা সম্প্ৰদায়ৰ যুৱতীক বিয়া কৰোৱাৰ বাবে সমাজৰ এঘৰীয়া হ’ল যোৰহাটৰ এটা পৰিয়াল

By

Published : Aug 25, 2022, 5:10 PM IST

যোৰহাট, 25 আগষ্ট : লজাজ্জনক ! দুখজনক ! একবিংশ শতিকাতো প্ৰচলন পুৰণিকলীয়া সমাজ ব্যৱস্থা ৷ পুৰণিকলীয়া সমাজ ব্যৱস্থাৰ বশৱৰ্তী হৈ আজিও সমাজৰ পৰা বহু নিলগত যোৰহাটৰ এটা পৰিয়াল (Family victimized by social exclusion) ৷

অভিযোগ অনুসৰি, তিৱা সম্প্ৰদায়ৰ এগৰাকী যুৱতীক বিয়া কৰোৱাৰ বাবেই এটা পৰিয়ালক সমাজে এঘৰীয়া কৰিলে পাঁচ বছৰৰ বাবে । পাঁচটা বছৰে সমাজৰ কোনো লোকৰ লগত একোৱে সম্পৰ্ক নাই পৰিয়ালটোৰ । এয়া যোৰহাটৰ তৰাজান গুৱাল গাঁৱৰ ঘটনা ।

তিৱা সম্প্ৰদায়ৰ যুৱতীক বিয়া কৰোৱাৰ বাবে সমাজৰ এঘৰীয়া হ’ল যোৰহাটৰ এটা পৰিয়াল

তৰাজান গুৱাল গাঁৱৰ যুৱক ৰাকেশ বৰুৱাই মৰমী পাতৰ নামৰ তিৱা সম্প্ৰদায়ৰ যুৱতীগৰাকীক বিয়া কৰাইছিল ৷

যাৰ বাবে এতিয়া সমাজৰ ৰোষত পৰিছে এই পৰিয়ালটো ৷ ৰাকেশৰ পিতৃ ৰিন্টু বৰুৱা সাধাৰণ জীৱিকা কৰি খাটি খোৱা এগৰাকী লোক । হয়তো সাধাৰণ খাটি খোৱা লোক হোৱা বাবেই এতিয়া সমাজত স্থান নোহোৱা হৈছে এওঁৰ । সহজ-সৰল লোকজনৰ আচলতে অপৰাধ কি বা ৰাকেশৰ অপৰাধ কি ?

লগতে পঢ়ক :Humanity is still alive : অতিশয় শীতৰ পৰা ৰক্ষা কৰি দুটি শিশুক উদ্ধাৰ কৰিলে আৰক্ষীয়ে

উল্লেখ্য যে, সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাই গীতৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বিৱৰণ দি গৈছে । বিভিন্ন জাতি-জনজাতিৰ মিলনৰ ফলত গঠন হৈছে বৃহত্তৰ অসমীয়া জাতি । আনকি জগত গুৰু শ্ৰীমন্ত শংকৰদেৱেও ধৰ্মৰে জাতিটোক এক কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আজিৰ পৰা প্ৰায় পাঁচ শ বছৰ আগতে ।

কিন্তু এতিয়াও সমাজৰ একাংশ লোক এলান্ধুকলীয়া দিনতেই বাস কৰি আহিছে ৷ যিসকলৰ চিন্তা ধাৰণা নামত আধুনিক ৷ কিন্তু পুৰণি ৰীতি-নীতিৰে যেন এতিয়াও পৰিচালিত হৈ আছে । শেহতীয়াকৈ যোৰহাটত সংঘটিত এই ঘটনাই দাঙি ধৰিছে সমাজৰ একাংশ লোকৰ মাজত থকা কলুষিত মানসিকতাৰ পৰিচয় ৷

এতিয়া প্ৰশ্ন হয়, এলান্ধুকলীয়া চিন্তাৰে আধুনিকতাৰ পৰিচয় দিয়া লোকৰ বাবেই সমাজত এতিয়া নৈতিক স্খলন ঘটিছে নেকি ! পৰিৱৰ্তন হ’ব নে এই মানসিকতাৰ !

লগতে পঢ়ক :Social exclusion in Mangaldoi, সামাজিক সংকীৰ্ণতাৰ বলি এটা পৰিয়াল, গাঁতৰ পৰা মৃতদেহ উলিয়াই সৎকাৰৰ ব্যৱস্থা

ABOUT THE AUTHOR

...view details