অসম

assam

ETV Bharat / city

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ ফৰকাটিং আৰু শিমলুগুৰিত ৰেল ৰখোৱাৰ ব্যৱস্থা গ্ৰহণ - বিধায়ক ৰূপজ্যোতি

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আহ্বানক সঁহাৰি জনাই ইতিমধ্যে ৰাজ্য চৰকাৰ আৰু ৰে'ল বিভাগে ফৰকাটিং আৰু শিমলুগুৰিত শ্ৰমিক ৰে'ল ৰখাবৰ বাবে এক নিৰ্দেশনা জাৰি কৰে । দুয়োখন জিলাৰ যাত্ৰীসকল মৰিয়নী জংচনৰ সলনি নিজ নিজ জিলাৰ ৰে'ল ষ্টেছনসমূহত নমাৰ ব্যৱস্থা কৰে ৰে'ল বিভাগে ।

ETV BHARAT
মৰিয়নীত শ্ৰমিকৰ সকলৰ মাজত উপস্থিত বিধায়ক ৰূপজ্যোতি

By

Published : May 27, 2020, 7:48 PM IST

Updated : May 27, 2020, 7:55 PM IST

মৰিয়নী, 27 মেঃবহিঃৰাজ্যৰ পৰা অসমলৈ ইতিমধ্যে বহু লোক বিশেষ ৰে'লযোগে অসমলৈ উভতি আহিছে ৷ মঙলবাৰেও বহিঃৰাজ্যৰ পৰা মৰিয়নী জংচনত উপস্থিত হৈছিল তিনিখন ৰেল ৷ লগে লগে মৰিয়নী জংচনত উপস্থিত হৈছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিক সকলৰ স্বাস্থ্য বুজ লোৱাৰ উপৰিও তেখেতে বিতৰণ কৰিছিল খাদ্য সামগ্ৰী ৷

ইটিভি ভাৰতৰ যোগেদি ৰাজ্য চৰকাৰ তথা ৰে'ল বিভাগক শ্ৰমিক ৰে'লৰ ষ্টপেজ বৃদ্ধিৰ বাবে আহ্বান জনাইছিল বিধায়কগৰাকীয়ে ৷ বিধায়কজনৰ উক্ত বাতৰি সম্প্ৰচাৰ হোৱাত ইতিমধ্যে ৰাজ্য চৰকাৰ আৰু ৰে'ল বিভাগে ফৰকাটিং আৰু শিমলুগুৰিত শ্ৰমিক ৰে'ল ৰখাবৰ বাবে এক নিৰ্দেশনা জাৰি কৰে । সকলো জিলাৰে যাত্ৰী মৰিয়নী জংচনৰ সলনি নিজ নিজ জিলাৰ ৰে'ল ষ্টেচনসমূহত নমাৰ ব্যৱস্থা কৰে ৰে'ল বিভাগে ।

মৰিয়নীত শ্ৰমিকৰ সকলৰ মাজত উপস্থিত বিধায়ক ৰূপজ্যোতি

আজি বিশেষ দিল্লী ডিব্ৰুগড় ৰাজধানী ৰে'লৰ লগতে চেন্নাই তিনিচুকীয়া শ্ৰমিক ৰে'ল মৰিয়নীত উপস্থিত হয় । এই দুয়োখন ৰে'লৰ পৰা সৰ্বমুঠ 40 জন যাত্ৰী মৰিয়নী জংচনত অৱতৰণ কৰে । অন্যহাতে অন্যদিনাৰ দৰে আজিও মৰিয়নী জংচনত বিধায়ক কুৰ্মীৰ উপস্থিত থাকি যাত্ৰীসকলক সাহস আৰু প্ৰেৰণা যোগায় । বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই জংচনত বিভিন্ন কৰ্মত নিয়োজিত লোকসকলক একোখনকৈ মাক্স বিতৰণ কৰে । অন্যহাতে যোৰহাট জিলা শৰীৰচৰ্চা সন্থা, চেলুন তথা বিউটি পাৰ্লাৰ আৰু ভেঞ্চাৰ স্কুলৰ শিক্ষক সন্থাৰ দৰে যিসকল লোক এই লকডাউনৰ ফলত উপাৰ্জনৰ পথ একেবাৰে বন্ধ হৈ গৈছে সেই সকলক অতি শীঘ্ৰে আৰ্থিক অনুদান প্ৰদান কৰিবৰ বাবে ৰাজ্য চৰকাৰলৈ অনুৰোধ জনায় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

লগতে পঢ়ক-কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত 144 ধাৰা জাৰি

Last Updated : May 27, 2020, 7:55 PM IST

ABOUT THE AUTHOR

...view details