যোৰহাট, 25 জানুৱাৰীঃ সৱল গণতন্ত্ৰৰ বাবে ভোটাৰৰ সাক্ষৰতা । এই শ্ল'গানেৰে যোৰহাটৰ ৰাজপথত নিৰ্বাচনী বিষয়াৰ সজাগতা মুলক সমদল । সমগ্ৰ দেশৰ লগতে যোৰহাট জিলা নিৰ্বাচন আয়োগৰ নিৰ্দেশ ক্ৰমে শুকুৰবাৰে এটা সজাগতামূলক সমদল বাহিৰ কৰে । জিলা নিৰ্বাচন বিষয়া কাৰ্যালয়ৰ পৰা চহৰখনৰ মাজৰে গতি কৰা সমদলটোৱো নৱপ্ৰজন্মৰ মাজত ভোটাৰৰ সাক্ষৰতা বৃদ্ধিৰ উদ্দেশ্য এই সজাগতামূলক সমদল বাহিৰ কৰে ।
আনহাতে, নলবাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন । নলবাৰী জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত পালন কৰা হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । নলবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদ প্ৰাংগণত জিলা উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰীয়ে উপস্থিত ৰাইজ ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি গণতন্ত্ৰক অধিক শক্তিশালী কৰা কাৰ্যাত অংশ ল'বলৈ আহ্বান জনায় ৷ লগতে ভোটদানৰ সময়ত অপশক্তিৰ দ্বাৰা প্ৰলোভিত ন'হবলৈ আহ্বান জনায় ।