অসম

assam

ETV Bharat / city

মানৱ সেৱাৰ পৰিৱৰ্তে কিশোৰী নিৰ্যাতনত সাঙোৰ খাইছে চিকিৎসক - Jorhat bus stand

ঘৰত ৰাখিবলৈ লৈ যোৱা দুখীয়া পৰিয়ালৰ কিশোৰী গৰাকীক কাম কৰিবলৈ বাধ্য কৰি মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে তিতাবৰৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

doctor-in-jorhat-finds-allegations-of-doing-mental-torture-to-a-minor
মানৱ সেৱাৰ পৰিৱৰ্তে কিশোৰী নিৰ্যাতনত সাঙোৰ খাইছে চিকিৎসক

By

Published : Aug 27, 2021, 10:20 PM IST

যোৰহাট, 27 আগষ্ট :সময়ে সময়ে বহু সম্ভ্ৰান্ত লোকৰ ঘৰত নিৰ্যাতিত হৈ আহিছে বনকৰা শিশু তথা কিশোৰ-কিশোৰী ৷ মানৱীয়তাক লজ্জান্বিত কৰা এনে এক ঘটনাই শেহতীয়াকৈ সংঘটিত হৈছে এইখন অসমৰে যোৰহাট জিলাৰ তিতাবৰত ৷ ঘৰত ৰাখিবলৈ লৈ যোৱা দুখীয়া পৰিয়ালৰ কিশোৰী গৰাকীক কাম কৰিবলৈ বাধ্য কৰি মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে তিতাবৰৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৷

সম্প্ৰতি চাইল্ড কেয়াৰ সন্থা(child care association)ৰ কৰ্মী সকলে জনোৱা মতে, চিকিৎসক গৰাকীয়ে দুখীয়া পৰিয়ালৰ সন্তান কিশোৰী গৰাকীক নিজৰ ঘৰত থকাৰ নিমিত্তে লৈ আহিছিল ৷ পিছে কিশোৰী গৰাকীক নিজৰ ঘৰলৈ আনিয়েই ৰূপ সলাইছিল সমাজত আগস্থান লাভ কৰা চিকিৎসক গৰাকীয়ে ৷ কিশোৰী গৰাকীৰ অভিযোগ অনুসৰি ঘৰৰ কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল তেওঁক ৷

মানৱ সেৱাৰ পৰিৱৰ্তে কিশোৰী নিৰ্যাতনত সাঙোৰ খাইছে চিকিৎসক

কাম কৰাৰ পৰা বিৰত থাকিলে বা খন্তেক জিৰণি লোৱা দেখিলেই উক্ত চিকিৎসক গৰাকীয়ে মানসিক নিৰ্যাতন চলাইছিল দূৰ্ভগীয়া কিশোৰী গৰাকীক ৷

অৱশেষত এই নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ চিকিৎসক গৰাকীৰ ঘৰৰ পৰা পলায়ন কৰে তেওঁ ৷ অৱশ্যে যোৰহাট নগৰৰ বাছ ষ্টেণ্ড(Jorhat bus stand)ত এখন বাছত উঠিবলৈ লওতে যোৰহাট পুলিছে(Jorhat police) উদ্ধাৰ কৰে কিশোৰী গৰাকীক ৷ ইফালে অভিযুক্ত চিকিৎসক গৰাকীৰ নাম তিতাবৰৰ জনৈক ৰিছা বুলি অৱগত কৰিছে কিশোৰী গৰাকীয়ে ৷

উল্লেখযোগ্য যে, বিগত বৰ্ষত মৰাণ মহাবিদ্যালয়ৰ সেই সময়ৰ অধ্যক্ষা গৰাকীয়ে নিজৰ ঘৰত বন কৰা ল’ৰা এজনক নিৰ্দয়ভাৱে শাৰিৰীক নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যত ৷ এইদৰে এতিয়া এচাম তথা-কথিত সম্ভ্ৰান্ত লোকৰ ঘৰতে শিশু তথা কিশোৰ কিশোৰীক শাৰিৰীক তথা মানসিকভাৱে নিৰ্যাতন কৰাৰ ঘটনা সংঘটিত হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক :আজৱ কাণ্ড: দলং নিৰ্মাণত ৰডৰ বিপৰীতে বাঁহৰ শলা ব্যৱহাৰ

ABOUT THE AUTHOR

...view details