যোৰহাট, 10 ছেপ্তেম্বৰ : যোৰহাট নগৰৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে চৰকাৰে ব্যয় বহুল আঁচনিৰে ন-আলিত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুত হেঙাৰ হৈ পৰিছিল নগৰৰ 11 নম্বৰ ৱাৰ্ডৰ পল্লৱ বৰকাকতি নামৰ এগৰাকী ৷ চিকিৎসকজনে উৰণীয়া সেতুৰ বাবে এৰি দিব লগা ঘৰ সম্পতিৰ বাবদ পাব লগা 1 কোটি 10 লাখ টকা চৰকাৰৰ পৰা গ্ৰহণ কৰিও দখল কৰি আছিল ন আলিৰ কাষৰ ঘৰটো ৷
চৰকাৰে আৰু ন্যায়ালয়ে কেইবাবাৰো জাননি দিয়াৰ পাচতো কোনো গুৰুত্ব প্ৰদান নকৰি প্ৰশাসনক ওলোটাই হুমকি দিয়ে চিকিৎসকজনে ৷ যাৰ পৰিপেক্ষিতত বৃহস্পতিবাৰে যোৰহাট জিলা প্ৰশাসনে সম্পূৰ্ণ সষ্টম হৈ জে চি বি,বুলডজাৰ,হাতুৰিৰ কোবেৰে সম্পূৰ্ণৰূপে উচ্ছেদ কৰে ঘৰখন ৷