যোৰহাট, ১৩ মে' : অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) প্ৰকল্প বিষয়া তথা যোৰহাট জিলাৰ বাবে নিয়োজিত নডেল বিষয়া ড৹ কৃপালজ্যোতি মজুমদাৰে শুকুৰবাৰে যোৰহাটত উপস্থিত হৈ সম্ভাৱ্য বান পৰিস্থিতিৰ (Flood situation in Assam) সৈতে মোকাবিলা কৰিব পৰা ব্যৱস্থাৱলীৰ সন্দৰ্ভত বুজ লয় ৷ এই সন্দৰ্ভত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নডেল বিষয়া দামোদৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হয় এক পৰ্যালোচনা বৈঠক (Disaster Management Authority Review Meeting)৷
এই পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰি ড৹ মজুমদাৰে জিলাখনৰ স্পৰ্শকাতৰ স্থান, মথাউৰি, বাট-পথ, দলং আদি চিনাক্তকৰণ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক আহ্বান জনায় ৷ বাঢ়নী পানীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আগতীয়া প্ৰস্তুতি, প্ৰশিক্ষণ প্ৰদান, শিবিৰ চিনাক্তকৰণ, সম্ভাব্য বান হোৱা অঞ্চলসমূহ চিনাক্তকৰণ, বানৰ পিছত বানাক্ৰান্তক সাহায্য প্ৰদান তথা খাদ্য সামগ্ৰী যোগান আদি বিভিন্ন বিষয় সন্দৰ্ভত নডেল বিষয়া গৰাকীয়ে এক পাৱাৰ পইন্ট প্ৰেজেন্টেশ্বন আগবঢ়ায় ৷
সভাত অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে জিলাখনত সম্ভাৱ্য বানৰ সন্মুখীন হ'ব পৰাকৈ আগতীয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে (Preparation for Flood)৷