অসম

assam

ETV Bharat / city

যোৰহাটত ধাবাৰ মালিকৰ হাতত মৃত্যু কৰ্মচাৰীৰ

ধাবাৰ মালিকৰ হাতত মৃত্যু এজন ২২ বছৰীয়া কৰ্মচাৰী যুৱকৰ ৷ চুৰি কৰা অপৰাধত গুৰুতৰ ভাৱে মাৰধৰ কৰা ফলতেই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যুৱকজনৰ ৷

যোৰহাটৰ ঢাবাৰ মালিকৰ হাতত মৃত্যু কৰ্মচাৰীৰ
যোৰহাটৰ ঢাবাৰ মালিকৰ হাতত মৃত্যু কৰ্মচাৰীৰ

By

Published : Mar 14, 2020, 12:46 PM IST

Updated : Mar 14, 2020, 1:06 PM IST

যোৰহাট, 14 মাৰ্চ: যোৰহাটৰ বাইপাচৰ ঋতুৰাজ ধাবাত সংঘটিত হৈছে এক চাঞল্যকৰ ঘটনা । সমূহীয়া আক্ৰমণত মৃত্যুক সাৱটিলে এজন ২২ বছৰীয়া কৰ্মচাৰী যুৱকে । যোৱা ১২ তাৰিখৰ দিনৰ ভাগত ৮ বজাত ধাবাখনৰ মালিক মৃদুল,পপী,পৰশে ঘৰৰ পৰা উঠাই নিছিল যুৱকজনক।

যোৰহাটৰ ঢাবাৰ মালিকৰ হাতত মৃত্যু কৰ্মচাৰীৰ

ধাবাখনত চুৰি কৰা অপৰাধত গুৰুতৰ ভাৱে মাৰধৰ কৰা ফলত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতিলে সঞ্জু কৰ্মকাৰ নামৰ যুৱকজন ৷

ধাবাৰ মালিকৰ হাতত মৃত্যু কৰ্মচাৰীৰ

এতিয়া পৰিয়ালৰ লোকে যোৱা ১৩ তাৰিখৰ পৰাই যোৰহাটৰ নকাৰী বাইপাচৰ ভোগদৈ নদীৰ কাষৰ শ্মশানত সৎকাৰ নকৰি থৈ দিছে মৃতদেহটো ৷ পৰিয়াল অভিযোগ যোৰহাট সদৰ আৰক্ষীয়ে উচিত তদন্ত নকৰা ফলত এতিয়াও মুক্ত ভাৱে ঘুৰি ফুৰিছে তিনিটাকৈ অপৰাধী। উল্লেখযোগ্য যে, ঋতুৰাজ নামৰ ধাবাখনত ইয়াৰ পূৰ্বেও এজন যুৱকক হত্যা কৰা ঘটনা সংঘটিত হৈছিল। কিন্তু আৰক্ষীৰ সৈতে বুজা-বুজি কৰি ৰখাৰ ফলতেই সাৰি আহিছে অপৰাধী।

  • লগতে চাওক- কৰ'ণা ভাইৰাছক লৈ সজাগতা গুৱাহাটী ষ্টেচনত
Last Updated : Mar 14, 2020, 1:06 PM IST

ABOUT THE AUTHOR

...view details