যোৰহাট, 12 আগষ্ট : এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা বুধবাৰে কথমপি ৰক্ষা পৰে যোৰহাট চহৰ ৷ যোৰহাট চহৰৰ লাহটি ষ্টেচনত লাইনচ্যুত হয় এখন মালবাহী ৰে’ল ৷ কাৰিকৰী বিজুতিৰ বাবে ৰে’লখন লাইনচ্যুত হোৱা বুলি ৰে’লৱে সুৰক্ষা কৰ্মীয়ে জানিবলৈ দিয়ে ।
মালবাহী ৰে’লখন লাইনচ্যুত হোৱাৰ ফলত সম্প্ৰতি বন্ধ হৈ পৰে তিতাবৰ মৰিয়নী আৰু যোৰহাট ইঞ্জিনিয়াৰিং কলেজ পথ ৷ লাইনচ্যুত ৰে’লখনৰ ডবা উঠাবলৈ তিনিচুকীয়াৰ পৰা অনা হয় ৰিকভাৰী বাহন ৷ ৰিকভাৰী বাহনৰ সহায়তহে অৱশেষত উঠাব পৰা যায় লাইনচ্যুত ৰে’লখনৰ ডবা ।