অসম

assam

ETV Bharat / city

Guwahati school girl suicide case : ন্যায় বিচাৰি সদৌ দেউৰী মহিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী - Deori Mahila Samity sent a memorandum to CM

মহানগৰীৰ ওদালবাক্ৰা মডাৰ্ণ ইংলিছ স্কুলৰ এগৰাকী ছাত্ৰীৰ আত্মহত্যা (Guwahati school girl suicide case) ৰ ন্যায় বিচাৰি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ দেউৰী মহিলা সমিতিয়ে ৷ লগতে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে (Deori Mahila Samity sent a memorandum to CM) প্ৰতিবাদকাৰীসকলে ৷

deori-mahila-samity-protest-against-guwahati-school-girl-suicide-case-at-jorhat
ছাত্ৰীৰ আত্মহত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদ

By

Published : Jan 4, 2022, 1:39 PM IST

যোৰহাট, 4 জানুৱাৰী : বিগত বৰ্ষৰ শেষৰফালে মহানগৰীৰ ওদালবাক্ৰা মডাৰ্ণ ইংলিছ স্কুলত ক্ৰীড়া সমাৰোহ চলি থকাৰ মাজতে পঞ্চম মহলাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা (Guwahati school girl suicide case) চলাইছিল এগৰাকী ছাত্ৰীয়ে । আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ বিদ্যালয় কৰ্তৃপক্ষই হায়াট হাস্পতালত ভৰ্তি কৰোৱায় ৷ চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীগৰাকীয়ে ৷

পৰৱৰ্তী সময়ত জানিব পৰা মতে, বিদ্যালয়খনৰে নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ছাত্ৰীগৰাকীৰ । যাৰ বাবে বিদ্যালয়খনৰ অধ্যক্ষাই ছাত্ৰীগৰাকীক প্ৰায়েই কথা শুনাইছিল । ইয়াৰ ফলতেই মানসিকভাৱে ভাগি পৰিছিল ছাত্ৰীগৰাকী । তাৰ পৰিণতিত ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ পথ বাছি ল'ব লগা হোৱাৰ ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ ইতিমধ্যে এই ঘটনাৰ পাছত মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা তথা স্বত্বাধিকাৰী জোনালী দাসৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷

শেহতীয়াকৈ সোমবাৰে সদৌ দেউৰী মহিলা সমিতিয়ে ছাত্ৰীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে (Deori Mahila Samity protest against Guwahati school girl suicide case) ৷ এগৰাকী ছাত্ৰীক জ্ঞান দিয়াৰ বিপৰীতে মানসিকভাৱে শাস্তি প্ৰদান কৰি আত্মহত্যাৰ দৰে পথ ল'বলৈ বাধ্য কৰোৱাৰ বাবে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে স্বত্বাধিকাৰক সম্পূৰ্ণৰূপে দোষাৰোপ কৰে প্ৰতিবাদকাৰীসকলে ৷

ছাত্ৰীৰ আত্মহত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদ

ইয়াৰোপৰি বিদ্যালয়খনৰ অধ্যক্ষাই ছাত্ৰীগৰাকীক মানসিক নিৰ্যাতন চলাই পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে সদৌ দেউৰী মহিলা সমিতিয়ে । প্ৰতিবাদস্থলীৰ পৰা ছাত্ৰীগৰাকীৰ হকে ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে (Deori Mahila Samity sent a memorandum to CM) প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক :ত্ৰিপুৰাত বিজেপি আৰু বিৰোধীৰ বাবে পৃথক নিয়ম : অভিষেক বেনাৰ্জী

For All Latest Updates

ABOUT THE AUTHOR

...view details