অসম

assam

ETV Bharat / city

বৰ্ষাশ্ৰীৰ ঘৰত উপস্থিত ৰাইজৰ দলৰ প্ৰতিনিধি - দ্বিতীয় ষান্মাষিকৰ পৰীক্ষা

সামাজিক মাধ্যমত বিপ্লবী কবিতা প’ষ্ট কৰাৰ অপৰাধত বিগত ১৮ মে’ৰ পৰা কাৰাবন্দী হৈ আছে টীয়কৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ৷ ১৮ জুলাইৰ পৰা বৰ্ষাশ্ৰীৰ দ্বিতীয় ষান্মাষিকৰ পৰীক্ষা । এনে পৰিস্থিতিত বৰ্ষাশ্ৰী যাতে পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰে তথা কাৰামুক্ত কৰা সন্দৰ্ভত আলোচনা কৰিবলৈ বৃহস্পতিবাৰে বৰ্ষাশ্ৰীৰ ঘৰত উপস্থিত হয় ৰাইজৰ দলৰ প্ৰতিনিধি(Delegation of raijor dal visit barshashree House) ৷

Delegation of raijor dol visit barshashree House
বৰ্ষাশ্ৰীৰ ঘৰত উপস্থিত ৰাইজৰ দলৰ প্ৰতিনিধি

By

Published : Jul 14, 2022, 3:49 PM IST

টীয়ক, 14 জুলাই : যোৰহাট জিলাৰ টীয়কৰ এজাৰগুৰিৰ নিবাসী অজিত বুঢ়াগোহাঁই আৰু উষা বুঢ়াগোহাঁইৰ কন্যা বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে ফেচবুকত লিখা এটা কবিতাৰ বাবেই আজি ৫৭ টাকৈ দিন কাৰাগাৰত বন্দী হৈ আছে । অহা ১৮ জুলাইৰ পৰা বৰ্ষাশ্ৰীৰ দ্বিতীয় ষান্মাষিকৰ পৰীক্ষা । সেয়ে এতিয়া এই মেধাবী ছাত্ৰীগৰাকী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ব্যৱস্থা কৰিবলৈ ৰাইজে চৰকাৰলৈ আহ্বান জনাইছে ।

বৰ্ষাশ্ৰীৰ ঘৰত উপস্থিত ৰাইজৰ দলৰ প্ৰতিনিধি

বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী তুলি বৃহস্পতিবাৰে বৰ্ষাশ্ৰীৰ টীয়কৰ এজাৰগুৰিৰ ঘৰত আহি উপস্থিত হয়হি ৰাইজৰ দলৰ এটা সজাতি দল(Delegation of Raijor dal visit barshashree House) ৷ প্ৰতিনিধি দলটোত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবিন্দ্ৰ চেতিয়া ফুকন, জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক সুব্ৰত দত্ত, ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ গগৈ, জাতীয় যুৱ বাহিনীৰ সাংগঠনিক সম্পাদক মানস প্ৰতিম ভূঞাকে ধৰি বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থাকে ৷

তেওঁলোকে আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিষয়টো কেনেকৈ নিস্পত্তি কৰিব পাৰি সেই বিষয়ত বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃৰ লগত আলোচনা কৰে । তেওঁলোকে লগতে বৰ্ষাশ্ৰীক পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা ৰাইজৰ দলৰ ফালৰ পৰা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে । ইপিনে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পিপিই কিট কেলেংকাৰী ফাদিলৰ সময়ত বৰ্ষাশ্ৰীক এনেদৰে ষড়যন্ত্ৰমূলকভাৱে বন্দী কৰি সমগ্ৰ বিষয়টো গাপ দিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চেষ্টা কৰিছে বুলি অভিযোগ তুলিছে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবিন্দ্ৰ চেতিয়া ফুকনে ।

লগতে পঢ়ক :আমাৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা ভাবি তাইক মুক্তি দিয়ক: বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃ

ABOUT THE AUTHOR

...view details