যোৰহাট, 25 জুলাই : এইবাৰ যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ 8 গৰাকীৰ হাজোতি কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ অৱস্থিতি ৷ ইয়াৰে 6 গৰাকী হাজোতি আৰু 2 গৰাকী কৰ্মচাৰী বুলি জানিব পৰা গৈছে ৷ কিছুদিন পূৰ্বে জেললৈ প্ৰেৰণ কৰা হাজোতি কেইজনক জেলৰ ভিতৰত আছুতীয়াকৈ ৰখা হৈছিল ৷ বৰ্তমান পাঁচগৰাকী হাজোতিক জেলৰ ভিতৰতে আছুতীয়াকৈ ৰখা হৈছে ৷ ইয়াৰে এজনে ইতিমধ্যে জামিন লাভ কৰিছে আৰু তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ কাৰাগাৰখনৰ এজন চিপাহী আৰু ফাৰ্মাছীষ্ট জনৰ শৰীৰতো পোৱা গৈছে ক'ভিড-19ৰ অৱস্থিতি ৷
যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ ৮ গৰাকীৰ দেহত ক'ভিড-19ৰ অৱস্থিতি - কোভিড-19ত আক্ৰান্ত জেলৰ কৰ্মচাৰী
পুনৰ ক'ভিড-19ত আক্ৰান্ত হৈছে জেলৰ কৰ্মচাৰী ৷ যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ 8 গৰাকী হাজোতি কৰ্মচাৰীৰ দেহত ধৰা পৰিছে এই মহামাৰীৰ ৰোগৰ অৱস্থিতি ৷

যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ ৮ গৰাকীৰ দেহত কোভিড-19ৰ অৱস্থিতি
যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ ৮ গৰাকীৰ দেহত ক'ভিড-19ৰ অৱস্থিতি