মৰিয়নী, 2 আগষ্ট : ক’ভিড-19 বা কৰ’ণা ভাইৰাছে যে মানুহক অকল শাৰীৰিক ভাৱে আক্ৰমণ কৰিছে এনে নহয়, এই মহামাৰীৰ পৰোক্ষ প্ৰভাৱৰ ফলতো এতিয়া মানুহৰ জীৱনলৈ নামি আহিছে চৰম দুখ দুৰ্দশা । ক’ভিড-19 মহামাৰীৰ প্ৰভাৱৰ ফলত অন্য দহজনৰ দৰেই মূখা আৰু ভাস্কৰ্য শিল্পী সকলৰ জীৱনলৈও নামিছে অমানিশা । এই মহামাৰীৰ ভয়াবহতা ৰোধ কৰিবৰ বাবে সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যত পালন কৰা হৈছে লক্ ডাউন ইত্যাদি নীতি-নিয়ম ৷ ফলত স্তব্ধ হৈ পৰিছে বহু মানুহৰ জীৱিকা উপাৰ্জনৰ পথ ।
এই ক্ষেত্ৰত বাদ পৰি ৰোৱা নাই মুখা আৰু ভাস্কৰ্য শিল্পীসকলো ৷ লক্ ডাউনৰ পাচৰ পৰাই কৰ্মহীন হৈ পৰিছে এই সকল শিল্পী । ৰাজহুৱা অনুষ্ঠান ভাওনা, নাট, উৎসৱ-পাৰ্বন আদি অনুষ্ঠান বন্ধ হৈ পৰাত মুখা আৰু ভাস্কৰ্য শিল্পৰ লগত জড়িত শিল্পী সকলৰ উপাৰ্জনৰ পথ বন্ধহৈ পৰিছে । অসমীয়া জাতীয় কৃষ্টি ভাওনাৰ লগত জড়িত হৈ পৰা বহু শিল্পী এতিয়া কৰ্মহীন ।
মুখা আৰু ভাস্কৰ্য শিল্পৰ লগত 1995 চনৰ পৰা জড়িত মৰিয়নীৰ বেলতল জাঁপি সজীয়া গাঁৱৰ নিপেন গগৈ নামৰ শিল্পী জনক লক্ ডাউনে অৰ্থনৈতিক ভাৱে কোঙা কৰি পেলোৱা লগতে উপাৰ্জনৰ একমাত্ৰ পথটি বন্ধ হৈ পৰিছে । ফলত শিল্পীজনৰ পৰিয়ালটোৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। নিপেন গগৈয়ে মুখা শিল্প ভাওনাৰ জৰিয়তে নিজৰ পৰিয়ালৰ পোহপাল দিয়াৰ লগতে আন পোন্ধৰ-ষোল্ল জন সহযোগী শিল্পীকো কৰ্মসংস্থাপন দিছিল যদিও বৰ্তমানে সকলো কৰ্মহীন হৈ আছে । এতিয়া বেলেগ কৰ্মৰ সন্ধান কৰিছে যদিও কৰ’ণা ভাইৰাছ, লক্ ডাউনৰ ফলত সেইয়া সম্ভৱপৰ হৈ উঠা নাই বুলি কয় ।