যোৰহাট, 25 আগষ্ট:যোৰহাটৰ ৰাজপথত এদল সাংবাদিক । নগৰৰ পদপথ আৰু বজাৰত দেখা গৈছে সাংবাদিকৰ প্ৰশ্ন আৰু সৰ্বসাধাৰণ ৰাইজৰ উত্তৰ । ইয়াকে দেখি ৰাইজৰ মাজত ব্যাপক উৎকন্ঠা । প্ৰকৃততে সাংবাদিকৰ ৰূপ লৈ ই এক ব্যতিক্ৰমী প্ৰতিবাদহে । মূল্যবৃদ্ধিৰ ৰামটাঙোন শীৰ্ষক এক কাৰ্যসূচী লৈ কংগ্ৰেছৰ এক ব্যতিক্ৰমী প্ৰতিবাদ(Congress Protest against Price hike) ।
যোৰহাট জিলা প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ৰূপায়ন কৰা হৈছে এই প্ৰতিবাদ(Congress Protest in Jorhat) ৷ সাংবাদিকৰ ৰূপত দেখা গ’ল হাতত টিভি চেনেলৰ বুম লৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী(Congress working president Rana Goswami), উজনি অসমৰ তত্বাৱধায়ক বিকাশ উপাধ্যায়কে(AICC Incharge of Upper Assam Bikash Upadhyay) ধৰি বহুকেইজন কংগ্ৰেছৰ শীৰ্ষ নেতা-কৰ্মীক ।