অসম

assam

ETV Bharat / city

যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান - কেলেংকাৰীৰ তদন্তৰ বাবে উপস্থিত দলটো

যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ত বিকেন্দ্ৰীকৃত পৰিকল্পনা শাখাত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান ৷ বহুকেইখন আঁচনিৰ ৰূপায়নত বৃহৎ কেলেংকাৰীৰ অভিযোগৰ ভিত্তিতে অভিযান ৷

যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়
যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়

By

Published : Feb 23, 2021, 4:56 PM IST

Updated : Feb 23, 2021, 7:39 PM IST

যোৰহাট, 23 ফেব্ৰুৱাৰী :যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ বিকেন্দ্ৰীকৃত পৰিকল্পনা শাখাত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান ৷ 2011 চনৰ পৰা 2017 চনলৈকে মৰিয়নী বিধানসভা সমষ্টিত বিধায়ক উন্নয়ন পুঁজিত সংঘটিত কেলেংকাৰীৰ তদন্তৰ বাবে উপস্থিত হয় দলটো ৷

যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান

অভিযোগ অনুসৰি এই সময়ছোৱাত মৰিয়নী সমষ্টিত ৰূপায়ণ হৈছিল প্ৰায় 700 খন আঁচনি ৷ ইয়াৰে একাংশ আঁচনিৰ ৰূপায়ণত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উৎথাপন হৈছিল ৷

এই অভিযোগৰ তদন্তৰ বাবেই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটা বৃহৎ দলে মঙলবাৰে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰিকল্পনা শাখাত অভিযান চলাই বৃহৎ পৰিমাণৰ নথিপত্ৰ জব্দ কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক :দৰং গৃহৰক্ষী বাহিনীৰ নিযুক্তিত অনিয়ম : বিষয়াৰ বদলিকৰণৰ দাবী

Last Updated : Feb 23, 2021, 7:39 PM IST

ABOUT THE AUTHOR

...view details