বিহপুৰীয়া, 3 মাৰ্চ : যিমানেই উপ-নিবাচনৰ দিন চমু চাপিছে সিমানেই মাজুলীত বিভিন্ন ৰাজনৈতিক দলৰ খদমদম ৷ সমান্তৰালকৈ প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই ভিৰ কৰিছেগৈ সত্ৰনগৰী মাজুলী (Majuli By Election 2022) । বৃহস্পতিবাৰে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা (CM Himanta Biswa Sarma in Majuli) ৷
মাজুলীৰ উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ভুৱন গাম (Campaign for BJP candidate Bhuvan Gam) ৰ হৈ প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে এখন নিৰ্বাচনী সভাত দিয়া ভাষণত ৰাইজক প্ৰশ্ন কৰে, দিল্লীত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ আৰু মাজুলীত যদি অন্য দলক ভোট প্ৰদান কৰে তেতিয়া কেনেদৰে উন্নয়ন হ'ব ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ভুবন গামক গাখীৰ দিয়া গৰু বুলি উল্লেখ কৰি বাকীবোৰ প্ৰাৰ্থীক গাখীৰ নিদিয়া গৰু বুলি কৰিলে মন্তব্য (CM Himanta Biswa Sarma boosts BJPs campaigning) ৷