যোৰহাট, 2 অক্টোবৰ:আজি মহাসপ্তমী (Maha Saptami of Durga Puja 2022) ৷ ৰাজ্যজুৰি চলিছে দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ ৷ পূজাৰ মণ্ডপে মণ্ডপে তথা শক্তিপীঠ, দেৱালয় আদিত দেৱীক আৰাধনা কৰা হৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ যোৰহাটতো চলিছে দুৰ্গা পূজাৰ উচাহ (Durga Puja in Jorhat) ৷
ইয়াৰ মাজতে যোৰহাটৰ এখন ব্যতিক্ৰমী পূজাস্থলীয়ে মন্ত্ৰমুগ্ধ কৰি তুলিছে সকলো ৷ দক্ষিণ সবাইবন্ধাৰ ৰিতুৰাজ দাস নামৰ দশম শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰই নিজেই মা দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি ঘৰতে পূজা অৰ্চনা কৰিছে (Class 10 student makes idols on their own) ৷ ৰিতুৰাজৰ এই পূজাত ভাগ লৈছে ওচৰ চুবুৰীয়া আৰু ৰিতুৰাজৰ সমনীয়া ৷ ছাত্ৰজনৰ এই প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে ৷